Posts

Showing posts from November, 2024

খুড়ী আইতা গল্প : এক আলোচনা

খুড়ী আইতা গল্প : এক আলোচনা   ভাৰতীয় সাহিত্যত উজ্জ্বল নক্ষত্ৰ 'প্ৰেমচাঁদ'ক 'নবাব ৰায়' বুলি বা 'ধনপত ৰায় প্ৰেমচন্দ' বুলিয়েই পাঠকে চিনি পায় ।প্ৰেমচাঁন্দ একেধাৰে গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ, প্ৰবন্ধকাৰ তথা অনুবাদক। তেওঁৰ জন্ম হৈছিল ১৮৮০ চনত উত্তৰ প্ৰদেশৰ বাৰানসীৰ ওচৰৰ লমহী গাঁৱত।প্ৰথমতে তেওঁ উৰ্দু ভাষাতেই লিখা মেলা কৰিছিল। পৰৱৰ্তী সময়ত হিন্দী সাহিত্যত খোজ দিয়ে আৰু নিজকে এজন সৰ্বভাৰতীয় সাহিত্যক ৰূপে প্ৰতিস্থা কৰে। "প্ৰেমা, বৰদান, প্ৰতিজ্ঞা, সেৱাসদন,প্ৰেমাশ্ৰম,নিৰ্মলা, ৰংগভূমি, গবন ,কৰ্মভূমি,কায়কল্প, গোদান তথা অন্তিম আৰু অপূৰ্ব উপন্যাস মংগলসূত্র আদি প্ৰেমচন্দৰ উপন্যাস। হিন্দীত ৰচনা কৰা প্ৰায় তিনিশ গল্প 'মান সৰোবৰ' নামেৰে মুঠ আঠোটা খণ্ডত সংগৃহীত কৰা হৈছে।"(তুলনামূলক ভাৰতীয় সাহিত্য)।        আলোচ্য গল্প 'খুৰী-আইতা এক গাম্য পটভূমিত ৰচিত গল্প। মানুহৰ গতি-বিধিৰ সূক্ষ্মাতিসূক্ষ্ম নিৰীক্ষন প্ৰেমচন্দৰ গল্পৰ অলংকাৰ।তেওঁৰ প্ৰায়বিলাক ৰচনাতে সামাজিক আদৰ্শ প্ৰভাৱ দেখা যায়। মানবীয়- অমানৱীয় আদি জাগ্ৰতকাৰক তেখেতৰ গল্পবোৰত প্ৰেম, সহানুভূতি, ত্যাগ,কৰুণ...