খুড়ী আইতা গল্প : এক আলোচনা
খুড়ী আইতা গল্প : এক আলোচনা
ভাৰতীয় সাহিত্যত উজ্জ্বল নক্ষত্ৰ 'প্ৰেমচাঁদ'ক 'নবাব ৰায়' বুলি বা 'ধনপত ৰায় প্ৰেমচন্দ' বুলিয়েই পাঠকে চিনি পায় ।প্ৰেমচাঁন্দ একেধাৰে গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ, প্ৰবন্ধকাৰ তথা অনুবাদক। তেওঁৰ জন্ম হৈছিল ১৮৮০ চনত উত্তৰ প্ৰদেশৰ বাৰানসীৰ ওচৰৰ লমহী গাঁৱত।প্ৰথমতে তেওঁ উৰ্দু ভাষাতেই লিখা মেলা কৰিছিল। পৰৱৰ্তী সময়ত হিন্দী সাহিত্যত খোজ দিয়ে আৰু নিজকে এজন সৰ্বভাৰতীয় সাহিত্যক ৰূপে প্ৰতিস্থা কৰে। "প্ৰেমা, বৰদান, প্ৰতিজ্ঞা, সেৱাসদন,প্ৰেমাশ্ৰম,নিৰ্মলা, ৰংগভূমি, গবন ,কৰ্মভূমি,কায়কল্প, গোদান তথা অন্তিম আৰু অপূৰ্ব উপন্যাস মংগলসূত্র আদি প্ৰেমচন্দৰ উপন্যাস। হিন্দীত ৰচনা কৰা প্ৰায় তিনিশ গল্প 'মান সৰোবৰ' নামেৰে মুঠ আঠোটা খণ্ডত সংগৃহীত কৰা হৈছে।"(তুলনামূলক ভাৰতীয় সাহিত্য)।
আলোচ্য গল্প 'খুৰী-আইতা এক গাম্য পটভূমিত ৰচিত গল্প। মানুহৰ গতি-বিধিৰ সূক্ষ্মাতিসূক্ষ্ম নিৰীক্ষন প্ৰেমচন্দৰ গল্পৰ অলংকাৰ।তেওঁৰ প্ৰায়বিলাক ৰচনাতে সামাজিক আদৰ্শ প্ৰভাৱ দেখা যায়। মানবীয়- অমানৱীয় আদি জাগ্ৰতকাৰক তেখেতৰ গল্পবোৰত প্ৰেম, সহানুভূতি, ত্যাগ,কৰুণা আদি প্ৰমূল্যবোধৰ প্ৰকাশ দেখা যায়। চৰিত বিলাকৰ সোন্দৰ প্ৰকাশে পাঠকক মোহিত কৰি ৰাখিবলৈ সক্ষম হয়।তেওঁৰ এই গল্পটোৰ ভাষা তেনেই সহজ-সৰল ,সবৰ্সাধাৰণ ওচৰ চপা । গল্পটোৰ আৰাম্ভনি হৈছে এনেদৰে--
"বুঢ়াকালত বহুক্ষেত্ৰত বাল্যৱস্থাৰ পুনৰাগমন ঘটে ।"
এই বাক্যটোৱে গোটেই গল্পটোৰ বীজ। তেওঁ বুদ্ধিৰামৰ খুৰীয়েক। শিশুৰ দৰেই আচৰণ;খাবলৈ বিচাৰি থাকে, দৃষ্টি আকৰ্ষণৰ বাবে কন্দা-কটা কৰে। বয়স হোৱা বাবে তেওঁৰ ইন্দ্ৰিয়বোৰ বিফল প্ৰায়।কোনোবাই আওকান কৰা যেন অনুভৱ হলেই খুড়ীয়ে চিঞৰি চিঞৰি কান্দে। স্বামী-সন্তান হেৰুৱাৰ পিছত ভতিজাক বুদ্ধিৰামেই যেন তেওঁৰ আশ্ৰয়। বুদ্ধিৰামেও চলাহী কথাৰে খুড়ীৰ আটাইবিলাক সম্পত্তি নিজৰ নামত কৰি ললে।
পত্নী ৰূপা স্বভাৱত উগ্ৰ হলেও ভগৱান বিশ্বাসী।খুৰীয়ে প্ৰায় ভতিজাকৰ ল'ৰা দুটাৰ পৰা অশান্তি পায় থাকে। কিন্তু বুদ্ধিৰামৰ সৰু জীয়েক তেনে নহয়। সেইদিনা ঘৰত বুদ্ধিৰামৰ বৰপুত্ৰৰ তিলক উৎসৱ।
সেই বাবে ঘৰলৈ আতিথিৰ সমাগম ঘটিছিল। তিলক উৎসৱ হোৱা হেতুকে নানা ধৰণৰ সামগ্ৰীৰ ৰন্ধন-প্ৰকৰণ চলি আছিল। ভিতৰতে অকলশৰে বহি থকা খুৰীয়ে খোৱা বস্তুৰ গোন্ধত লোভ সামৰিব পৰা নাছিল । তেই ভিতৰতে খোৱা বস্তুৰ সামগ্ৰীৰ তালিকা কল্পনা কৰিবলৈ ধৰিলে অৱশেষত ৰখিব নোৱাৰি বাহিৰলৈ ওলাই যায়। খুড়ীয় জ্বলি থকা কেৰাহীখন চাই বহি থকা দেখি ৰূপাই খঙেৰে গালি-ধমকি দি টানি টানি নি পুনৰ নিজৰ কোঠাত সোমোৱাই থৈ আহেগৈ। তেওঁৰো আত্ম-সন্মানত লাগিল। তেওঁ ৰূপাক বেয়া পোৱা নাই, বৰং আলহীয়ে নোখোৱাকৈ গৃহস্তই খাবলৈ যোৱাটো উচিত নাছিল বুলি নিজে নিজেই লজ্জিত হ'ল । তথাপি খুৰীয়ে যেন লোভ সামৰিব নোৱাৰিলে তেওঁ আকৌ এবাৰ চাবলৈ ওলাই গল কিন্তু এইবাৰ ভতিজাকে চোঁচৰাই চোঁচৰাই ভিতৰলৈ লৈ গল। ইতিমধ্যে তিলক উৎসৱ শেষ হল,আলহী অতিথি ঘৰ গল পিছে খুড়ীৰ পেটত একোকে নপৰিল। ৰূপাও কামৰ ভাগৰত ৰভাতে তলিতে হুই পৰিল। মাজনিশা লাড়লীয়ে নিজৰ ভাগৰে আইতাকলৈ সামৰি থোৱা লুচি ভাজি আইতাকক দিয়েগৈ। কিন্তু আইতাৰ পেট নভৰিল। সেয়েহে লাড়লীক খুৰীয়ে চুৱা - পাতনিৰ ওচৰলৈ লৈ যাবলৈ ক'লে । কথা মতেই লাড়লীয়ে আইতাকক সেই ঠাইত লৈ যায় কিন্তু লাড়লীয়ে খুৰীৰ অভিপ্ৰায় বুজি নাপালে। খুৰীয়ে নিজৰ ভোকক সন্তুষ্ট কৰিবলৈ চুৱা - পাতনিৰ পৰাই ইটো-সিটো বুটলি তৃপ্তিৰে খাবলৈ ধৰিলে। ৰূপাই খকমককৈ সাৰ পাই কাষত লাড়লীক নাপায় বিচাৰি গোটেই দৃশ্যটো প্ৰত্যক্ষ কৰি ৰূপাৰ চকু পানীৰে উপচি পৰিল। ব্ৰাক্ষ্মণী হৈ খুড়ীয়ে আজি চুৱা - পাতনিৰ আহাৰ খাইছে, এয়া পাপৰ ভাগ কোনে ল'ব ? আকাশৰ ফালে চাই ৰূপাই ভগৱানক পাৰ্থনা কৰিলে, নিজকে নিজে ধিক্কাৰ দিলে। ৰূপাই ঠাল এখনত খোৱা বস্তু সজাই খুৰীয়েকক ক্ষমা বিচাৰি খাবলৈ মাতি অনুশোচনাত দগ্ধ হ'ল । মিঠাই পালেই সকলো পাহৰি যোৱা শিশুৰ দৰে খুড়ী নিমিষতে সকলো দুখ লাঞ্ছনা পাহৰি গ'ল ।
এয়াই আছিল গল্পটোৰ বিষয়বস্তু । প্ৰেমচন্দই গল্পটোৰ কিছু পৰিস্থিতি চিত্ৰকল্পৰ সহায়ত ইমান সুন্দৰ কৈ বৰ্ণনা কৰিছে যে মুগ্ধ নহৈ নোৱাৰি।
খোৱা বস্তুৰ গোন্ধ পোৱাৰ কিছু সময় পিছত খুড়ীয়ে ৰান্ধনীশালত বহা কথা ভাবিলে। গল্পকাৰৰ ভাষাত -- "গৰম তেলত লুচিবোৰ সাঁতুৰি ফুৰিছে চাগে। কাষৰ পাছিত দমাই থৈ যাব পায়। ফুলৰ গোন্ধ আমি ছিঙি আনি ঘৰৰ ভিতৰত ল'ব পাৰোঁ ।কিন্তু ফুলনিত গৈ লোৱা ফুলৰ গোন্ধৰ কথাই বেলেগ।"(নীৰাজনা মহন্ত বেজবৰা , জীৱনৰ অন্য এক নাম,পৃ,১৬)
ৰূপাই খুৰীক কোঠালিত গালি পাৰি পাৰি সোমোৱাই থৈ আহাৰ পিছত খুৰীৰ অনুভৱ গল্পকাৰৰ ভাষাত এনেদৰে প্ৰকাশ পাইছে-- "নৈৰ পাৰৰ কোনো বৃহৎখণ্ড যেতিয়া খহনীয়াতখহি পৰে, আশে-পাশে থকা জলৰাশি চাৰিওফালৰ পৰা সেই ৰিক্তস্হান পুৰাবৰ বাবে তড়িৎ বেগেৰে তালৈ যায়।"(নীৰাজনা মহন্ত বেজবৰা , জীৱনৰ অন্য এক নাম,পৃ,১৭)
লাড়লীয়ে মনে মনে গৈ খুৰী-আইতাক খাবলৈ দিয়া সময়ত লঘোনীয়া পেটেৰে হুই পৰা খুড়ীৰ লোভৰ পানী পুনৰ নিৰ্গত হৈছিল। লেখকে লিখিছে "মদাহীক মদৰ কথা মনত পেলাই দিয়াৰ লগে লগেই সি আন একো ক'ব নোৱাৰা হৈ পৰে।খুৰীৰ অধীৰ মনো ইচ্ছাৰ প্ৰবল সোঁতত প্ৰচণ্ড বেগেৰে উটি যাবলৈ ধৰিলে।উচিত-অনুচিতৰ বাচ-বিচাৰ তেওঁৰ মনত একেবাৰে নোহোৱা হ'ল ।"(নীৰাজনা মহন্ত বেজবৰা , জীৱনৰ অন্য এক নাম,পৃ,২১)
এনে কিছুমান সুন্দৰ তুলনাই প্ৰেমচন্দৰ গল্পবোৰক সৱভাৰতীয় প্ৰেক্ষাপটত মাত্ৰা প্ৰদান কৰি আহিছে। গল্পটিত প্ৰধান নাৰী চৰিত্ৰ তিনটা। খুৰী, ৰূপা আৰু লাড়লী । লাড়লী শিশু চৰিত্ৰ তথাপিও মাকতকৈ কম চিন্তাশীল নহয়। দেউতাক মাকে আইতাকক কৰা অৱহেলা তাই সহ্য কৰিব নোৱাৰে।যিহেতু শিশু মন সহজ-সৰল ,বৃদ্ধকালত সকলো মানুহ শিশুৰ দৰেই হয় ।হয়তো এনে কিছু কাৰণত লাড়লী-আইতাকৰ সৰ্ম্পকতো বন্ধুত্বসুলভ।
নাৰী চৰিত্ৰ বুলিলে মূলতঃ ৰূপা আৰু খুৰী-আইতাককে বুজায়। পুৰুষ প্ৰধান দেশত পুৰুষেই সদায় বাহিৰৰ সমস্যবোৰ সামাধান কৰে আৰু নাৰীয়ে ঘৰখন চলাই নিয়ে। শিশুৰ দৰে আচৰণ কৰা বিফল ইন্দ্ৰিয়ৰ এগৰাকী খুড়ী-শাহুক আল ধৰাৰ লগতে ঘৰৰ সমস্ত কাম-বন কৰি, ল'ৰা ছোৱালীক আলমৰাৰ পিছতো খাবলৈ অলপ পলম হলেই সৰু ল'ৰা-ছোৱালীৰ দৰে চিঞৰি চিঞৰি কন্দা খুড়ীয়েকক লৈ ৰূপাৰ মাজে মাজে খং উঠাটো অস্বাভাৱিক নহয়।কিন্তু সেই বুলিয়ে ৰূপাই খুৰীয়েকক কৰা ইমান কথোৰ তিৰস্কাৰ সহ্যৰ অতীত।
" জুই নেলাগে কে'লে এনেকুৱা পেটত,পেটনে পেটাৰী ,হয়নে বোলো এইটো? নিজৰ কোঠাত বহি থাকিলে কি ভূতে চোৱায় ?আলহী-অতিথি কোনেও খুৱাই নাই,গোসাঁইকো ভোগ লগোৱাই নাই, সিমানকনো ধৈৰ্য্যও নোহোৱা হ'লনে যে একেবাৰেই জ্বলা কেৰাহীখনত বহি লৈছেহি? জ্বলি জ্বলি ভষ্ম নহয় কে'লে এনেকুৱা জিভা হোঁ.....।" ইত্যাদি।(নীৰাজনা মহন্ত বেজবৰা , জীৱনৰ অন্য এক নাম,পৃ,১৭)
নাৰী চৰিত্ৰ হিচাপে খুৰী-আইতাৰ মানসিক দণ্ডৰ ছবিখন গল্পকাৰে বৰ সুন্দৰকৈ চিত্ৰিত কৰিছে। খুৰী হৈছে পৰিস্থিতিৰ আৰু বয়সৰ দাস । যিখিনি সম্পত্তি বুদ্ধিৰামে চলাহী কথাৰে নিজৰ কৰি ল'লে । স্বামী সন্তানৰ জীৱিত কালত খুৰীৰ বাবে আছিল উভনদী । সকলোকে হেৰুৱাই ভতিজাককে আশ্ৰয় বুলি লোৱা খুড়ীৰ মাটি সম্পত্তিৰ প্ৰতি কোনো আশাওঁ নাই। অৱশ্য এইবোৰ কথা খুৰীৰ চিন্তাৰ বাহিৰত। তেওঁ মাত্ৰ এটা কথাই জানে, ইটো-সিটো খাই থাকিব লাগে।পিছে এয়া আইতাৰ জন্মগত স্বভাৱ নহয়। কিন্তু একেটা কোঠাতে অকলে থকা যিকোনো বয়স্কলোকে শেষ বয়সত সংগ বিচাৰে। সেয়েহে হয়তো ভতিজাকৰ নাতিহঁতৰ উৎপাতত অতিষ্ঠ হৈও লাড়লীলে আশাৰে বাট চাই থাকে। গল্পকাৰে খুড়ী-আইতা গল্পটোৰ জৰিয়তে ৰূপাৰ দৰে নাৰীৰ চেতনা জাগ্ৰত কৰোৱাত সফল হৈছে। ৰূপাৰ দুখ লাগিছে। কামৰ ভমকত তাইয়ো খুৰীয়েকে কথা পাহৰি গ'ল কিন্তু সেইবুলি মাজৰাতি মুকলি আকাশৰ তলত চুৱা-পাতনিত বহি ব্ৰাহ্মণ নাৰী এগৰাকীয়ে আনৰ এৰেহা বস্তু খাব, তাই কল্পনাও কৰা নাছিল। ভগবানৰ প্ৰতি থকা ভয়ৰ ভাৱৰ বাবেই ৰূপাৰ অনুসূচনা হৈছে। সেয়ে বাকৰূদ্ধ কণ্ঠৰে ৰূপৰ কৈছে- "আহক খুৰি খাওকহি। বৰ ডাঙৰ ভুল কৰিলো আজি, মোক বেয়া নাপাব। মোক ক্ষমা কৰি দিবনে আপুনি, ভগৱানকো প্ৰাৰ্থনা কৰি দিয়ক খুৰী।"(নীৰাজনা মহন্ত বেজবৰা , জীৱনৰ অন্য এক নাম,পৃ,২৩)
সঁচাকৈয়ে সৰলমনা শিশুৰ দৰে আইতাইও সকলো পাহৰি গ'ল। তেওঁ পুনৰ খাবলৈ আৰম্ভ কৰিলে। এয়াই ক্ষমা আলোক।
গল্পটোৰ জৰিয়তে গল্পকাৰে সমাজত থকা উচ্চ বৰ্ণ, নিম্ন-বৰ্ণ তথা জাত পাতৰ ধাৰণা এটাও দিবলৈ যত্ন কৰিছে। "আলহি সকলৰ ভিতৰত নাপিতকে ধৰি নিম্ন বৰ্গৰ লোকসকলক একে ৰভাতে কিছু আঁতৰি বহুৱাৰ ব্যৱস্থা ৰখা হৈছিল। আকৌ পুনৰ খুৰী যেতিয়া খোৱা ঘৰত প্ৰৱেশ কৰিলেগৈ , গল্পকাৰৰ ভাষাত
" আৰে আৰে এই জনি ক'ৰ বুঢ়ী। কেনেকৈ সোমালেহি ইয়াত? চাবা চাবা দেই, জাত পাত বা কি? কি কথা কি বতৰা কাৰোবাক চুব লাগিলে সৰ্বনাশ। "(নীৰাজনা মহন্ত বেজবৰা , জীৱনৰ অন্য এক নাম,পৃ,১৯) কথাখিনিৰ পৰা বুজা যায় যে লেখকৰ সমাজত " অস্পৃশ্যতা' এটা এৰাব নোৱাৰা সমস্যা আছিল। ইয়াত গল্পকাৰৰ সমাজ সংস্কাৰ কামী মনৰ প্ৰকাশ ঘটা দেখা যায়।
সৰ্বশেষত খুৰী-আইতা এটা সাৰ্থক গল্প বুলি দৃঢ়তাৰে ক'ব পাৰি। গল্পটোত মানৱীয় সমস্যা কিছুমান প্ৰদৰ্শন কৰাৰ ওপৰিও নাৰী মনৰ বিচিত্ৰতা সুন্দৰকৈ প্ৰকাশ পাইছে।
সহায়ক গ্ৰন্থ :
বেজবৰা ,নীৰাজনা মহন্ত:- আধুনিক ভাৰতীয় চুটিগল্প জীবনৰ অন্য এক নাম, বনলতা, নতুন বজাৰ,ডিব্ৰুগড়-১,প্ৰথম প্ৰকাশ:মাৰ্চ ২০১৮
Comments
Post a Comment