Posts

Showing posts from December, 2025

টাই ফাকেসকলৰ খাদ্যাভ্যাসত বিশ্বায়নৰ প্ৰভাৱ

             টাই ফাকেসকলৰ খাদ্যাভ্যাসত বিশ্বায়নৰ প্ৰভাৱ  ১.০ অৱতৰণিকা ১.১ বিষয়ৰ পৰিচয়: বর্তমানৰ যুগটোক বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ যুগ বুলি অভিহিত কৰাৰ লগতে বিশ্বায়ন বা গোলকীকৰণৰ যুগ বুলিও ক'ব পৰা যায়। কিয়নো বিশ্বায়নে সমগ্র বিশ্বকে এখন সৰু গাওঁলৈ ৰূপান্তৰিত কৰিছে। ফলশ্রুতিস্বৰূপে সমগ্র বিশ্বতে যোগাযোগ, ব্যৱসায়-বাণিজ্য, অর্থনীতি, ৰাজনীতিকে আদি কৰি সকলো ক্ষেত্ৰতে হাতৰ মুঠিত পাব পৰা যায়। গোটেই পৃথিৱীখনক এক বিশ্ব হিচাপে পোৱাৰ বা একত্রীকৰণ হোৱাৰ প্রক্রিয়াকে বিশ্বায়ন বা গোলকীকৰণ বুলি ক'ব পৰা যায়। এই বিশ্বায়নে ব্যৱসায়, বাণিজ্য, ৰাজনীতি আদিৰ ক্ষেত্ৰৰ লগতে ভাষা-সাহিত্য আৰু সংস্কৃতিতো প্রভাৱান্বিত কৰে। সমান্তৰালকৈ অসমৰ জনগোষ্ঠীয় লোকজীৱনতো বিশ্বায়নৰ ব্যাপক প্রভাৱ পৰিছে। যিয়ে কিছু কিছু ক্ষেত্রত জনগোষ্ঠীয় স্বকীয়তাৰ দিশ সমূহত কিছু নতুন সম্ভাবনা, সংকত তথা প্রত্যাহ্বান কঢ়িয়াই আনিছে। যিহেতু অসম খন বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ বৰ চোতাল। সেই গতিকে অসমৰ বাৰেবৰণীয়া সংস্কৃতিত বিভিন্ন জনগোষ্ঠীৰ অৱদান উল্লেখযোগ্য। বর্তমান অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া জিলাত বসবাস কৰা টাইফ...

অসমীয়া বিহু গীতত বিষাদৰ সৌন্দর্য্য

                            অসমীয়া বিহু গীতত বিষাদৰ সৌন্দর্য্য          বিহু অসমীয়াৰ জাতীয় পৰিচয়, যি পৰিচয়ে আমাক দিয়ে জাতীয় চেতনা আৰু স্বাভিমান। তিনি বিহুৰ অন্যতম ব'হাগ বিহু। ব'হাগ বুলিলেই মন উতনুৱা কৰা এক আৱেগৰ ঢলে বাট ভেটি আমনি কৰে। ব'হাগতে প্রকৃতি হয় ফুলে-ফলে জাতিষ্কাৰ। সেই ব'হাগতে বসুন্ধৰাও হয় শস্য সম্ভৱা। তেনে সময়তে কৃষিজীৱী অসমীয়াই আনন্দ-ফুর্তিৰে পালন কৰে ব'হাগ বিহু। ব'হাগতে ৰং- আনন্দ কৰা হেতু ব'হাগেই হৈ উঠে ৰঙালী। এই ৰঙালী বিহুৰ ৰং-আনন্দৰ মাজতে অসমীয়াৰ জাতীয় ঐক্যতাৰ পৰিচয়া ফুটি উঠে। সেয়েহে লোক-সংস্কৃতিৰ গৱেষক ড০ লীলা গগৈদেৱে কৈছে - "অসমীয়া লোক- সাহিত্য অসমীয়া সাহিত্যৰ ভঁৰালত মাণিকী- মধুৰী, জহা হৈ খুন্দ খাই আছে। ইয়াত আছে সুগন্ধি-সুবাস, তৃপ্তি আৰু মাধুৰিমা। তদুপৰি লোক- সাহিত্য, লোক-জীৱনৰ ইতিহাস আৰু লোক-মানসৰ উজ্বল প্রতিকৃতি।”         আদিম অসমীয়া লোক সমাজৰ জীৱন আৰু জীৱিকা, ক্ষুধা আৰু খাদ্য, কর্ষণ আৰু উৎপাদন আৰু উৎপাদক শস্যৰ ভোগৰ উল্লাসে লোক- উৎসৱৰ উৎপত্তিৰ উৎস। ভোগৰ আ...

পদ্মনাথ গোহাঞিবৰুৱাৰ গাঁওবুঢ়া: এক বিশ্লেষণাত্মক অধ্যয়ন

পদ্মনাথ গোহাঞিবৰুৱাৰ গাঁওবুঢ়া: এক বিশ্লেষণাত্মক অধ্যয়ন                           সাৰকথা : সমাজ গঠনৰ কাৰণে ভাষা,সাহিত্য তথা সংস্কৃতিৰ বিকাশ নিতান্ত আৱশ্যকীয় চৰ্ত । অসমীয়া সমাজ আৰু জাতীয় জীৱনৰ উন্নতিৰহকে ,জাতীয় সাহিত্যৰ ভেটি সমৃদ্ধশালী কৰাৰ ক্ষেত্ৰত যি সকল সাহিত্যিক, চিন্তাবিদ আৰু কৰ্মযোগীয়ে স্বক্ৰীয় দক্ষতাৰে অসমীয়া সমাজ জীৱনলৈ অৱদান আগবঢ়াই জাতিটোক সমৰ্থৱান কৰি থৈ গ'ল --- সেইসকলৰ ভিতৰত অন্যতম সাহিত্যকাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱা।        সাহিত্যৰ বিভিন্ন শাখাৰ সাধণাৰে পদ্মনাথ গোহাঞিবৰুৱাই অসমীয়া সাহিত্যৰ পথাৰখন উৰ্বৰা তথা শস্য শ্যামলা কৰি তুলিছিল। তেওঁৰ সৃষ্টিৰ মাজত আছিল নতুন প্ৰতীতি--- প্ৰতিভাত হৈছিল ঐতিহাসিক, পৌৰাণিক, সমাজিক, ব্যক্তিগত আদি বিভিন্ন দিশ।  ৰংগমঞ্চৰ উপযোগীকৈ গাঁওবুঢ়া, জয়মতী, গদাধৰ, সাধনী, লাচিত বৰফুকন, টেটোন তামুলী,ভূত নে ভ্ৰম আদি নাট্য সম্ভাৰ। পদ্মনাথ গোহাঞিবৰুৱাৰ নাটকৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য ৰচনা হ'ল --- 'গাঁওবুঢ়া' । সাধাৰণ খাটি খোৱা মানুহৰ যি দূৰ্দশা তাৰেই প্ৰতিফলন ঘট...