অসমীয়া বিহু গীতত বিষাদৰ সৌন্দর্য্য

                            অসমীয়া বিহু গীতত বিষাদৰ সৌন্দর্য্য 


        বিহু অসমীয়াৰ জাতীয় পৰিচয়, যি পৰিচয়ে আমাক দিয়ে জাতীয় চেতনা আৰু স্বাভিমান। তিনি বিহুৰ অন্যতম ব'হাগ বিহু। ব'হাগ বুলিলেই মন উতনুৱা কৰা এক আৱেগৰ ঢলে বাট ভেটি আমনি কৰে। ব'হাগতে প্রকৃতি হয় ফুলে-ফলে জাতিষ্কাৰ। সেই ব'হাগতে বসুন্ধৰাও হয় শস্য সম্ভৱা। তেনে সময়তে কৃষিজীৱী অসমীয়াই আনন্দ-ফুর্তিৰে পালন কৰে ব'হাগ বিহু। ব'হাগতে ৰং- আনন্দ কৰা হেতু ব'হাগেই হৈ উঠে ৰঙালী। এই ৰঙালী বিহুৰ ৰং-আনন্দৰ মাজতে অসমীয়াৰ জাতীয় ঐক্যতাৰ পৰিচয়া ফুটি উঠে। সেয়েহে লোক-সংস্কৃতিৰ গৱেষক ড০ লীলা গগৈদেৱে কৈছে - "অসমীয়া লোক- সাহিত্য অসমীয়া সাহিত্যৰ ভঁৰালত মাণিকী- মধুৰী, জহা হৈ খুন্দ খাই আছে। ইয়াত আছে সুগন্ধি-সুবাস, তৃপ্তি আৰু মাধুৰিমা। তদুপৰি লোক- সাহিত্য, লোক-জীৱনৰ ইতিহাস আৰু লোক-মানসৰ উজ্বল প্রতিকৃতি।”

        আদিম অসমীয়া লোক সমাজৰ জীৱন আৰু জীৱিকা, ক্ষুধা আৰু খাদ্য, কর্ষণ আৰু উৎপাদন আৰু উৎপাদক শস্যৰ ভোগৰ উল্লাসে লোক- উৎসৱৰ উৎপত্তিৰ উৎস। ভোগৰ আনন্দৰ মাজতে তৃপ্তিৰ অৱকাশ বিচাৰি যৌন উত্তেজনাত অজানিতে ৰিং মাৰিছিল। পাৰ ভাহি যোৱা আনন্দত জোঁৱাৰ উঠিছিল। গাইছিল, নাচিছিল। সেই সামূহিক আৱেগ উল্লাহসমূহেই কালৰ গতিত নাম ল'লে- 'বিহু'। যুগে যুগে দীঘল বঁকিয়া বগাই অসমীয়াৰ বুকুৰ মাজত উম লৈ বহিলহি অসমৰ জাতীয় উৎসৱ 'ব'হাগৰ ৰঙালী বিহু'। আদিম অসমীয়া মহা জাতিৰ চহা জীৱনৰ সভ্যতাৰ প্ৰথম খোজ। সচাঁৰ্থত বিহু কৃষকৰ আত্মা। আনন্দ, উল্লাহ, আশা-আকাংক্ষা, নিহিত থকা মুঠেই তাকৰীয়া কেইটিমান শব্দৰে গঠিত কথাকেইষাৰে বয়স আৰু মনক পৰিচালিত কৰাৰ প্ৰয়াস কৰে। বিভিন্ন ভাৱৰ, বিভিন্ন সুৰত বন্ধা অলেখ নামবোৰ অনাখৰি কৃষকৰ স্বতঃস্ফূর্ত অন্তৰৰ অলেখ কল্পনাৰ বুৰবুৰণি।

        প্ৰেমৰ বাবে জীৱন। সুন্দৰৰ আৰাধনাত প্ৰেমৰ গুৰুত্ব বহু বেছি। যৌৱন আহে। বয়সে আমনি কৰাৰ সময়ত মৰমবোৰ জোঁৱাৰ উঠে হিয়াত। চৌদিশে কেৱল ৰং, ফুল কেৱল ফুল, দুচকুত অগনন বিচিত্র সপোনে অগাদেৱা কৰি মন ভাৰাক্ৰান্ত কৰে। চৌদিশে ভৰপূৰ, কিন্তু কিবাযেন নাই নাই অনুভৱ। অকলশৰীয়া জীৱন শয্যাতীত। বিচৰাজনৰ সন্ধানৰ চাকনৈয়াত যৌৱনৰ নাও ডুবুডুবু হোৱাৰ সময়তে ভাৱবোৰ গীত হৈ গীতবোৰ আগ্নেয়গিৰিৰ দৰে ওলাই আছে। বিষাদ জৰ্জৰিত হিয়াৰ হুমুনিয়াহবোৰে নাম লয় বিহু।

"হাললৈ লিখিলে মোকে ঐ লাহৰি 

        কোৰলৈ লিখিলে মোক; 

চাৰিআঙুলি কপালত বিধাতাই লিখিলে 

      তোলৈ নিলিখিলে মোক।"


"এইবেলি আহুধান পানীয়ে মাৰিলে 

         ওপৰে উৰিলে মাখি;

উৰণীয়া চৰাইয়ে উৰে যোৰে পাতি 

      তাৰো মান নহ'লো আমি।"


অতি মৰমৰ চেনাইলৈ বুলি চেনেহ যাচি ৰঙাকৈ আঙুৰে বৈ সামৰি সুতৰি সময়ত দিব নোৱাৰাৰ বেদনাবোৰ কিমান যে গধুৰ -


হেঁচুকি বৈছিলোঁ হেপাহৰ হাঁচতি 

            দিবলৈ নেপালোঁ চল; 

মুঠিৰ কটা তামোল দিবলৈ নেপালোঁ

              মৰহি মলঙি গ'ল।


শৰীৰত জীৱ আছে, আছে এটি বিচিত্র মন। শৰীৰত আঘাত লাগে জীৱই দুখ পায়। কিন্তু শৰীৰত অন্তঃভাগৰ হিয়াত যেতিয়া আঘাত লাগে তেতিয়া -


 দুখৰে ইলাই দুখৰে বিলাই

 দুখৰে সীমা সংখ্যা নাই; 

 এই জনমলৈ দুখকে লিখিছে

    অবুজন বিধিয়ে পায়।


মৰো মনৰ দুখত সিজো প্ৰেমৰ তাপত

     এইনো যৌৱনৰ কাল; 

নেমাৰি বিধিয়ে কেলৈ জীয়াই থৈছে 

    এইনো পীৰিতিৰ জাল।


আশাই সকলো ! আশাতেই থাকে জীয়াই থকাৰ হেঁপাহ। তৰিম ধৰিম বুলি সজাই লোৱা বাৰীখনিক নান্দনিক দৃশ্যই খাদ্যৰ পৰিপূৰকতা সজালেও মনে বিচৰা খাওঁতাৰ পৰা সহাঁৰি নোপোৱাৰ সন্তাপবোৰ যে কিমান বিষাক্ত।


পাতো কলবাৰী ল'ৰাই খাব বুলি 

        মেলিলে জাহাজী থোক; 

দেখি কলবাৰী ধৰে খুন্দামাৰি

         সন্তাপে দহিছে মোক।


কি কথা কৰিলোঁ কি বুধি কৰিলোঁ

         বাৰীত দামেকলে ৰুই; 

আগেয়ে নেজানোঁ এতিয়াহে জানিলোঁ

       মোৰ বুকুত একুৰা জুই।


           মনত ৰেখাপাত কৰা ভালপোৱা চেনাইৰ প্ৰতিচ্ছবিয়ে জীৱনৰ হেঁপাহবোৰ দুগুণাই বঢ়াই তোলে। ভালপোৱা গভীৰ হৈ যায়। অন্য কোনোধৰণৰ কামনা বাসনাই মন বিচলিত কৰিব নোৱাৰে। দুখনি আত্মাৰ, এখনিৰ অনিহাত চিন্ন-ভিন্ন হৈ যাব ধৰা সন্তাপিত আত্মাই কান্দে। নিজৰ প্ৰাণ বিসর্জন দিবলৈ কুণ্ঠাবোধ নকৰাসকলৰ মনত জাগি উঠা ভাৱবোৰত নিগৰি আহে বিষাদৰ বিননি


কেলৈ তুলিলে সৰগৰ দেৱতাই 

       কেলৈ তুলিলে আই; 

মনৰে কামনা পূৰাব নোৱাৰো 

      মৰিম বৰেবিহে খাই।


চোৰ হৈ সোমাব নেলাগে মইনা

      মনতো দুৱাৰ দাং নাই;

জীয়া জুইত জীয়াই মৰিব পাৰো মই 

     তোমাক ধন অকলে পাই।


প্রণয়ৰ আৱেগত মিলনৰ দুৰ্বাৰ হেঁপাহত যেতিয়াই বাধা আহি পৰে প্রণয়ীৰ হিয়াত লগা আঘাটৰ কৰুণ বিননিবোৰে কৃষক ডেকাৰ ওঠৰ পৰা অনর্গল ওলাই আহি হিয়াত শান্তিৰজল চতিয়াই-


শতৰুৰ কথাকে নলওঁ নলওঁ বুলি

        শতৰুৰ কথাকে ললি; 

মোকে ঐ আগত থৈ শতৰুক লগত লৈ

       তামোল কাটি অকলে খালি।


চ'তৰে মাহতে শিমলু ফুলিলে

          ওপৰে উৰিলে তুলা; 

লোকৰ বুদ্ধি পায় আমাকো এৰিলা

         জনমৰ শতৰু হ'লা।


এইদৰে দেখা যায় যে বিহু গীতৰ আৰঁত লুকাই থকা কথা বোৰ যদি হৃদয়ঙ্গম কৰা হয় তেন্তে মানুহৰ চিন্তা আৰু চেতনাত বিহুৰ প্ৰভাৱ তথা জীৱনৰ প্ৰতিটো দিশতে ইয়াৰ স্পৰ্শ বিচাৰি পোৱা যায় । আধুনিক অসমীয়া নগৰীয়া জীৱনৰ মাজত সোমাই বিহুৱে নিজৰ স্বৰূপ সলনিৰ উপক্ৰম কৰিছে। তদুপৰি বিহুৰ মূল ক'ত, বিহুৰ ক্ৰমবিকাশ আৰু বিহু উৎসৱৰ বিভিন্ন দিশ সম্পৰ্কে ভালেমান তাত্ত্বিক কথায়ো নতুন মোৰ লৈছে। সমান্তৰাল ভাৱে বিহুগীতত কিছু নতুনত্বই দেখা দিছে। তথাপিতো অসমীয়া জাতিক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত, অসমীয়া সভ্যতাক আগুৱাই নিয়াৰ ক্ষেত্ৰত, অসমীয়া মানুহৰ চিন্তা চেতনাক নতুনত্ব তথা সেউজ কৰি ৰখাত, অসমীয়া মানুহক জীয়াৰ ৰখাৰ ক্ষেত্ৰত বিহু তথা বিহুৰ ভূমিকা উল্লেখযোগ্য।



Comments

Popular posts from this blog

পদ্মনাথ গোহাঞিবৰুৱাৰ গাঁওবুঢ়া: এক বিশ্লেষণাত্মক অধ্যয়ন

ৰুক্মিণী হৰণ নাটত প্ৰতিফলিত অসমীয়া সমাজ জীৱন : এক বিশ্লেষণাত্মক অধ্যয়ন

খুড়ী আইতা গল্প : এক আলোচনা