ৰুক্মিণী হৰণ নাটত প্ৰতিফলিত অসমীয়া সমাজ জীৱন : এক বিশ্লেষণাত্মক অধ্যয়ন

ৰুক্মিণী হৰণ নাটত প্ৰতিফলিত অসমীয়া সমাজ জীৱন : এক বিশ্লেষণাত্মক অধ্যয়ন                    

                                                              বিষয়সূচী  

০.০অৱতৰণিকা

     ০.১ বিষয়ৰ পৰিচয় 

     ০.২ অধ্যয়নৰ উদ্দেশ্য 

     ০.৩ অধ্যয়ন পৰিসৰ 

     ০.৪ অধ্যয়নৰ পদ্ধতি 

     ০.৫ তথ্য আহৰণৰ উৎস 

 

১.০ ৰুক্মিণী হৰণ নাটকত শংকৰদেৱৰ মৌলিকতা 

    ১.১ চৰিত্ৰ সৃষ্টিৰ ক্ষেত্ৰত শংকৰদেৱৰ মৌলিকতা

    ১.২ কাহিনী সৃষ্টি ক্ষেত্ৰত শংকৰদেৱৰ মৌলিকতা

    ১.৩ ৰুক্মিণী হৰণ নাটৰ মূল 

    ১.৪ চৰিত্ৰ 


২.০ ৰুক্মিণী হৰণ নাটত প্ৰতিফলিত অসমীয়া সমাজ জীৱন

    ২.১ ৰুক্মিণী হৰণ নাটৰ কাহিনীৰ চমু পৰিচয় 

    ২.২ ৰুক্মিণী হৰণ নাটত প্ৰতিফলিত লোকাচাৰ-

        লোকবিশ্বাস

    ২.৩ ৰীতি-নীতি 

    ২.৪ ৰুক্মিণী হৰণ নাটত প্ৰতিফলিত ধৰ্ম 

    ২.৫ উৎসৱ অনুষ্ঠান 

    ২.৬ ৰাজনীতি 

    ২.৭ শিষ্টাচাৰ 

    ২.৮ সাজপাৰ আৰু অলংকাৰ

    ২.৯অন্যান্য 


৩.০ উপসংহাৰ

    ৩.১ সিদ্ধান্ত 

           ---গ্ৰন্থপঞ্জী 


০.০ অৱতৰণিক

০.১ বিষয়ৰ পৰিচয়: 

সাহিত্যৰ ভাগ হিচাপে অসমীয়া নাটক তাত্পৰ্যপূৰ্ণ। অন্য সাহিত্যৰ দৰে অসমীয়া সাহিত্যৰ জগত খনক বিভিন্ন নাট্যকাৰে তেওঁ লোকৰ অমৰ সৃষ্টিৰে অসমীয়া নাট্য সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰিছে । নাটক হৈছে এনে এক মাধ্যম য'ত মানৱ জীবনৰ দুখ, বেদনা,আনন্দ,প্ৰেম,মৃত্যু জন্ম,আৱেগ, অনুভৱ, উপলদ্ধি আৰু আশা- আকাংক্ষাৰ বিভিন্ন সংগ্ৰাম প্ৰতিফলিত হয়। অসমীয়া নাট্য সাহিত্যৰ জন্মদাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। তেওঁ অসমীয়া নাট্য সাহিত্যলৈ আগবঢ়োৱা আটাইকেইখন নাটক অতি উল্লেখযোগ্য। তেওঁ সৰ্বমুঠ ছয় খন নাট ৰচনা কৰিছিল।সেই কেইখন হ'ল পত্নীপ্ৰসাদ, কালিয়দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয়।কালিৰাম মেধি,বিৰিঞ্চি কুমাৰ বৰুৱা, মহেশ্বৰ নেওগ আদি পণ্ডিতে পত্নীপ্ৰসাদকে শংকৰদেৱৰ প্ৰথম নাটক হিচাপে চিহ্নিত কৰিছে। মহাপুৰুষ জনাই ভগৱতৰ কথাবস্তু আধাৰত এই নাট সমূহ ৰচনা কৰিছিল। মহাপুৰুষ জনাৰ নাটকেইখনৰ আটাইবিলাক দিশ পৰমপুৰুষ শ্ৰীকৃষ্ণৰ মাহাত্ম্য প্ৰকাশক আৰু নৱ বৈষ্ণৱ ধৰ্মৰ আন্দোলনেৰে প্ৰভাৱিত গতিকে তেওঁৰ নাটকৰ আটাই বিলাক লক্ষণ আৰু অৰ্থ সমূহ পুংখানুপুংখ অধ্যয়ন নকৰাকৈতেওঁৰ নাটকৰ যিকোনো এটা দিশ আলোচনা কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। মহাপুৰুষ জনাৰ নাটক তথা সাহিত্য কৃতিৰ আটাই বিলাক দিশ ইমানেই ৰহস্যমই আৰু মাধুৰ্য্যৰে ভৰ পূৰ সেয়েহে ইয়াক বৰ্ণনা কৰাটো যথেষ্ট কঠিন আৰু আমোদ পূৰ্ণ। তেখেতৰ এখন উল্লেখযোগ্য নাটক হ'ল "ৰুক্মিণী হৰণ "।নাটক খন যথেষ্ট আলোচিত আৰু জনপ্ৰিয়। সেয়ে নাটক খনৰ আলোচনা প্ৰয়োজনীয়তা আছে বুলি 'ৰুক্মিণী হৰণ নাটত প্ৰতিফলিত অসমীয়া সমাজ জীৱন : এক বিশ্লেষণাত্মক অধ্যয়ন ' বিষয়টি অধ্যয়নৰ বাবে নিৰ্বাচিত কৰা হৈছে।

০.২অধ্যয়নৰ উদেশ্য: 

বৈষ্ণৱ ধৰ্মক কেন্দ্ৰ কৰি ৰচনা কৰোঁতে নাট্যকাৰ জনে কাহিনীৰ মূল ভাগৱত পুৰাণৰ পৰা সংগ্ৰহ কৰিছে যদিও তেওঁৰ নিজা মৌলিকতা প্ৰকাশ পাইছে । য'ত অসমীয়া সমাজৰ ধৰ্ম, ৰাজনীতি, উৎসৱ পাৰ্বন, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, স্বভাৱ-চৰিত্ৰ, শিষ্টাচাৰ-লোকাচাৰ, লোকবিশ্বাস, আ-অলংকাৰ আদিৰ প্ৰতিনিধিত্ব দেখা যায়।সেয়ে আমাৰ আলোচনা পত্ৰখনৰ উদ্দেশ্য হৈছে শংকৰদেৱৰ ৰুক্মিণী হৰণ নাটকত প্ৰতিফলিত অসমীয়া সমাজ জীবনৰ চিত্র সম্পৰ্কে আলোচনা কৰা।

০.৩ অধ্যয়ন পৰিসৰ:

               আলোচনা পত্ৰৰ বিষয়টোৰ সুবিধাৰ্থে এটি নিদিষ্ট পৰিসৰত ঠিক কৰি লোৱা হৈছে । পৰিসৰত বিশেষকৈ শংকৰদেৱৰ 'ৰুক্মিণী হৰণ নাটকত প্ৰতিফলিত হোৱা অসমীয়া সমাজ জীৱনৰ দৃশ্য কেনেদৰে প্ৰকাশ পাইছে কিদৰে উপস্থাপন কৰিছে, সেই দিশটো অন্তভূৰ্ক্ত কৰি লোৱা হৈছে ।

০.৪ অধ্যয়নৰ পদ্ধতি:

          আলোচনা পত্ৰখন প্ৰস্তুত কৰোঁতে মূলতঃ বৰ্ণনাত্মক আৰু বিশ্লেষণাত্মক পদ্ধতিৰ সহায় লোৱা হৈছে।

০.৫ তথ্য আহৰণৰ উৎস:

               প্ৰস্তাৱিত আলোচনা পত্ৰখন যুগুত কৰোঁতা গৌন উৎসৰ সহায় লোৱা হৈছে। গৌন উৎস হিচাপে বিশেষকৈ এই সম্পৰ্কীয় গ্ৰন্থৰ লগতে দুই এখন আলোচনী, বাতৰি কাকত,ইণ্টাৰনেট অদিত প্ৰকাশ পোৱা প্ৰবন্ধৰো সহায় লোৱা হৈছে।

১.০ শংকৰদেৱৰ মৌলিকতা:-

          মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি অঙ্কীয়া নাটসমূহৰ ভিতৰত কলেৱৰত ডাঙৰ 'ৰুক্মিণী হৰণ ' । ৰুক্মিণী হৰণ কাব্যৰ সংক্ষিপ্ত নাট্যৰূপ ৰুক্মীণী হৰণ নাটত ভাগৱত পুৰাণ আৰু হৰিবংশৰ প্ৰভাৱ সুস্পষ্ট।মহাপুৰুষ জনাই কাহিনীভাগ ভাগৱত পুৰাণৰ পৰা গ্ৰহণ কৰি একাধিক পৰিস্থিতিৰ ক্ষেত্ৰত হৰিবংশৰ সমল গ্ৰহণ কৰি নাটখন ৰচনা কৰিছে। নাটখনৰ পৰিস্থিতি চিত্ৰণ আৰু কাহিনী বিকাশিত কৰোঁতে নাট্যকাৰে যথেষ্ট নিজা মৌলিকতা প্ৰদৰ্শন কৰাৰ লগতে স্থানীয় ৰহন সংযোগ কৰি নব্য ৰূপত এই নাটখন ৰচনা কৰিছে।

১.১ চৰিত্ৰ সৃষ্টিৰ ক্ষেত্ৰত শংকৰদেৱৰ মৌলিকতা:-

               সুৰভি ভাট আৰু হৰিদাস ভাট শংকৰদেৱৰ নিজা সৃষ্টি। সুৰভি ভাটে কুণ্ডিলৰ পৰা দ্বাৰকালৈ গৈ ৰাজপুত্রী ৰুক্মিণীৰ ৰূপ-যৌৱন আৰু গুণ আদি বৰ্ণনা কৰিছে। ইয়াৰ ফলশ্ৰুতিতেই ৰুক্মিণী প্ৰতি শ্ৰীকৃষ্ণৰ পূৰ্বৰাগ সৃষ্টি হৈছে। সেইদৰে হৰিদাস ভাটেও ৰুক্মিণী অন্তৰত কৃষ্ণৰ প্ৰতি পূৰ্বৰাগ উদয় কৰিছে। ভাগৱত পুৰাণ, হৰিবংশ বা বিষ্ণুপুৰাণত ভীষ্মকৰ পত্নী অৰ্থাৎ ৰুক্মীণীৰ মাতৃৰ নাম উল্লেখ নাই।কিন্তু ৰুক্মিণী হৰণ নাটকত ভীষ্মকৰ পত্নীৰ নাম শশীপ্ৰভা ৰখা হৈছে। ভাগৱত পুৰাণত ৰুক্মিণী হৰণ নাটকত উল্লেখিত ৰুক্মীণী সখীয়েক দুগৰাকী বিষয়ে কোনো চৰিত্ৰ সঙ্কেত পোৱা নাযায়। কিন্তু ৰুক্মীণী হৰণ নাটকত শংকৰদেৱে মদনমঞ্জৰী আৰু লীলাৱতী নামৰে সখিয়েক দুগৰাকীৰ নাম উল্লেখ কৰিছে।সমান্তৰালভাৱে বেদনিধি নামৰ ব্ৰাক্ষ্মণ গৰাকীৰ উল্লেখ কৰাটো নাটখনত শংকৰদেৱৰ মৌলিকতা।কাৰণ বেদনিধি নাম ধাম আৰু পোছাক পৰিচ্ছদ চিত্ৰন ভাগৱত পুৰাণত উল্লেখ নাই। ভাগৱত পুৰাণ অনুসৰি ছেদীৰাজৰ লগত ৰুক্মীণীক বিয়া দিৱলৈ ৰুক্মই একপক্ষীয় সিদ্ধান্ত লোৱাৰ বাতৰি ভীষ্মক নন্দিনীয়ে নিজেই পাইছে। কিন্তু ৰুক্মিণী হৰণ নাটকত এই বাতৰি ৰুক্মীণীক দিছে সখী মদনমঞ্জৰীয়ে।

১.২ কাহিনী সৃষ্টি ক্ষেত্ৰত শংকৰদেৱৰ মৌলিকতা:-

               ভাগৱতৰ কাহিনীৰ সৈতে উদ্ধৱ জড়িত নহয়। কিন্তু শংকৰদেৱে তেওঁৰ ৰুক্মিণী হৰণ নাটকত উদ্ধৱ সৈতে একেলগে শ্ৰীকৃষ্ণৰ প্ৰথম ৰংগালয়ত প্ৰৱেশ কৰা বুলি উল্লেখ কৰিছে। নাটৰ আৰাম্ভণি তেই পৰিৱেশন কৰা নান্দী শ্লোক, গীত,পয়াৰ, নাটৰ আৰম্ভণিতেই সংযোগ কৰা ভটিমা আৰু কাহিনীভাগৰ পৰিসমাপ্তিত পৰিৱেশন কৰা মুক্তি মঙ্গল ভটিমা আদি শংকৰদেৱৰ স্বকীয় সৃষ্টি।আকাশৰ কুসুম বিকাশিত হোৱাৰ সম্ভাৱনাত কৃষ্ণ প্ৰেমিকা ৰুক্মীণীয়ে বিবাহৰ বাতৰি পাই আনন্দত নৃত্য-গীত কৰি নিজকে সৌভাগ্যৱতী ৰূপে অভিহিত কৰা পৰিস্থিতিৰ চিত্ৰন মহাপুৰুষ জনাৰ নিজা সৃষ্টি।  কুণ্ডিল নগৰ অভিমুখে পৱন বেগে কৃষ্ণৰ ৰথত গতি কৰা অৱস্থাত দৃত ব্ৰাক্ষ্মণ অৰ্থাৎ বেদনিধি শ্ৰুতি ভংগ হোৱাৰ বৰ্ণনা ভাগৱত পুৰাণ আৰু হৰিবংশ নাট বা বিষ্ণুপুৰাণত পোৱা নাযায়।কিন্তু ৰুক্মিণী হৰণ নাটকত এই দৃশ্যৰ সুন্দৰ বৰ্ণনা পোৱা যায়।গতিকে এই পৰিস্থিতি সৃষ্টি কৰা জন নিশ্চিতভাৱে নাট্যকাৰ নিজে । একেদৰে ৰুক্মীণীৰ নবীন ৰূপ যৌৱন দেখি ৰজাসকলৰ কাম বানত মূৰ্চ্ছিত হৈ আসনৰ পতা ঢলি পৰাৰ উল্লেখ ভাগৱতত আছে, কিন্তু সেই সময়ত ৰুক্মীণীৰ সখীসকলৰ আচৰণ শংকৰদেৱৰ নিজা মৌলিকতা।

 ১.৩ ৰুক্মীণী হৰণ নাটকৰ মূল:-


ৰুক্মীণী হৰণ নাট আৰু ৰুক্মিণী হৰণ কাব্য শংকৰদেৱৰ একে বিষয়ক দুখন ৰচনা। শংকৰদেৱে ৰুক্মিণী হৰণ কাব্যৰ মূল গ্ৰহণ কৰিছিল ভাগৱত আৰু হৰিবংশ পুৰাণৰ পৰা ।কিন্তু ৰুক্মীণী হৰণ নাটখন ৰচনা কৰোঁতে তেখেতে ভাগৱত পুৰাণৰ প্ৰধান্য দিছিল।

ৰামৰায়ৰ আগ্ৰহত শংকৰদেৱে ৰুক্মীণী হৰণ নাটক ৰচনা কৰিছিল। মুক্তি মংগল ভটিমাত এই কথা শংকৰদেৱে উল্লেখ কৈছে- 
          শ্ৰীৰামৰায়া ভক্তি সুজান
          কাৰাৱত কৃষ্ণ নাট নিৰমান  

শংকৰদেৱৰ আন কেইখন অঙ্কীয়া নাটত কৈ ৰুক্মিণী হৰণ নাটখন আটাইতকৈ ডাঙৰ। ৰামবিজয় নাট ৰচনা কৰাৰ কিছুদিন পূৰ্বে শংকৰদেৱে এই নাটখন ৰচনা কৰিছিল। ১৫৫৮ খ্ৰীঃত শংকৰদেৱ নৰনাৰায়ণৰ ৰাজসভাত উপস্থিত থকাৰ সমল পোৱা যায়। এই সমলৰ আধাৰতে সমালোচক সকলে নাটকৰ ৰচনাকাল ১৫৬০ খ্ৰীঃত বুলি ক'ব খোজে। কিয়নো শংকৰদেৱে দ্বিতীয়বাৰ তীৰ্থ ভ্ৰমণ কৰি এই নাট ৰচনা কৰিছিল। অৱশ্য ইয়াক লৈ যথেষ্ট মত বিৰোধীও সৃষ্টি হৈছে।

ৰুক্মিণী হৰণ নাট ভাগৱত পুৰাণৰ দশম স্কন্ধৰ ৫২-৫৪ অধ্যায় আধাৰত ৰচনা কৰা হৈছে । ইয়াত উল্লেখ থকা কাহিনীভাগক মূল সমল হিচাপে লৈছে যদিও কাহিনী নিৰ্মাণ কৰোঁতে শংকৰদেৱে নাট্যকাৰ হিচাপে স্বাধীনতাকো গ্ৰহণ কৰিছে । তাৰ ফলশ্ৰুতিস্বৰুপে নাটকৰ চৰিত বিলাক অধিক উজ্জ্বল হৈ ধৰা দিছে। সত্যনাথ শৰ্মা মতে মহাপুৰুষ জনাই ৰুক্মিণী হৰণৰ কথাবস্তু ভগৱত পুৰাণৰ পৰা সংগ্ৰহ কৰিছে, ইয়াত হৰিবংশ প্ৰভাৱ নাই। কিন্তু ৰুক্মিণী হৰণ কাব্যৰ কথাবস্তু ভাগৱত পুৰাণ আৰু হৰিবংশৰ সংমিশ্ৰণ। ভাগৱতৰ দশমস্কন্ধৰ ৫২-৫৪ অধ্যায়ত বৰ্ণিত হোৱা কথা আৰু কাৰ্য্য ক্ৰম যথাযথভাৱে নাটকত অনুসৰণ কৰিছে।(সত্যনাথ শৰ্মা,উল্লেখিত পৃ,৬৮)

হৰিবংশ পুৰাণৰ বিষ্ণু পৰ্বৰ ৪৭-৫১ অধ্যায় আৰু ৫৯-৬০ অধ্যায়ত ৰুক্মীণী হৰণৰ কাহিনী পোৱা যায়।একেদৰে বিষ্ণুপুৰাণত শ্ৰীকৃষ্ণয়ে ৰুক্মীণীক হৰণ কৰা কাহিনীভাগ ৫ম অংশত বৰ্ণিত আছে। অৱশ্য এটা কথা কব পাৰি যে ৰুক্মীণী হৰণ নাটকত হৰিবংশৰ প্ৰভাৱ নাই। উদাহৰণস্বৰূপে- হৰিবংশ আৰু বিষ্ণু পুৰাণত ভীষ্মকক জৰাসন্ধই ৰুক্মীণীক শিশুপাললৈ বিয়া দিৱলৈ উপদেশ দিয়াৰ কথা উল্লেখ আছে। কিন্তু ৰুক্মীণী হৰণ নাটত এই বিষয়ে উল্লেখ নাই। সেইদৰে হৰিবংশ পুৰাণত বৰ্ণিত আছে শ্ৰীকৄষ্ণই বলোভদ্ৰৰ সৈতে ৰুক্মিণী স্বয়ম্বৰ সভালৈ অহা কথা কিন্তু শংকৰদেৱৰ ৰুক্মিণী হৰণ নাটকত ইয়াৰ তথ্য পাবলৈ নাই। নাটৰ বিষয়বস্তু অধ্যয়ন কৰিলে ভাগৱত পুৰাণৰ প্ৰভাৱ দেখা যায়। নাটক খনৰ বিষয়বস্তু তথা উপস্থাপন ৰীতিটো ভাগৱত পুৰাণৰ পোনপতীয়া প্ৰভাৱ লক্ষ্য হয় । শংকৰদেৱে তেওঁৰ ৰচিত গ্ৰন্থ ৰচনা সমূহত ভাগৱত পুৰাণকে আধাৰ হিচাপে গ্ৰহণ কৰিছিল সেই দিশৰ পৰা ৰুক্মিণী হৰণ নাটকত ভাগৱত পুৰাণৰ প্ৰভাৱ বিদ্যমান।

১.৪ চৰিত্ৰ 

কৃষ্ণ:-
ৰুক্মিণী হৰণ নাটৰ পুৰুষ চৰিত্ৰৰ ভিতৰত শ্ৰীকৃষ্ণৰ চৰিত্ৰ প্ৰধান চৰিত্ৰ। নাটৰ নায়ক শ্ৰীকৃষ্ণৰ পৰম পুৰুষ ভগৱান হ'লেও তেওঁৰ মানৱীয় ৰূপটো উপেক্ষিত হোৱা নাই। নাট্যকাৰে তেখেতক 'নবীন যুৱান' হিচাপে অভিহিত কৰি পূৰ্বৰাগ সঞ্চাৰ কৰিলেও তেওঁৰ ঐশ্বৰিক দিশৰ প্ৰতি নাট্যকাৰ চিৰ মনোযোগী। সকলো মানৱীয় গুণৰ অধিকাৰী কৃষ্ণই সুৰভী ভাটৰ মুখত ৰুক্মিণীৰ ৰূপ সৌন্দর্যৰ বিষয়ে বৰ্ণনা শুনি এজন সাধাৰণ প্ৰেমিকৰ দৰে আচৰণ কৰিছে৷ প্ৰেমিকাৰ পত্ৰ লৈ যোৱা বেদনিধিক তেওঁ যিদৰে আদৰ- সাদৰ কৰিছে সেয়া এজন ৰুচিসম্পন্ন ক্ষত্ৰিয় ৰজাৰ পৰাহে আশা কৰিব পাৰি। জগত গুৰু এজন হৈও কৃষ্ণই বেদনিধি বিপ্ৰক ভৰি ধুৱাই দিয়া, পঞ্চামৃত খুওৱা , সুবৰ্ণবিচনাত শুৱাই দি ভৰি টিপি দিয়া কাৰ্যবোৰ মানৱীয় আচৰণ মাথোন। ৰাজসভাৰ পৰা ৰুক্মিণীক হৰণ কৰি লৈ যোৱাৰ পথত আগে পিছে সাগৰ সংকাশ সৈন্যসকলক দেখি ৰুক্মিণীয়ে ভয় খোৱাত তেওঁ ৰুক্মিণীক সান্তনা দিছে, আকৌ কৃষ্ণৰ বিৰুদ্ধে শিশুপাল, ৰুক্মবীৰ প্ৰমুখ্যে ৰজাসকলে যুদ্ধ কৰাত সিহঁতক উৎচিত দণ্ড দিছে আৰু ৰুক্মবীৰক মাৰিবলৈ উদ্যত হৈও প্ৰাণাধিক প্ৰিয়া ৰুক্মিণীৰ অনুৰোধক উপেক্ষা নকৰি ৰুক্মবীৰক প্ৰাণ দান দিছে। এই সকলোবোৰ কৃষ্ণৰ ভক্ত-বৎসলতাৰ নিদৰ্শন। মুঠতে নাটকখনত কৃষ্ণৰ দ্বৈত ৰূপ অংকন হৈছে। এহাতে তেওঁ পৰম পুৰুষ সুৰাসুৰ বন্দিত, জীৱনৰ ত্ৰাণকৰ্তা ভগৱান, আনহাতে লৌকিক অনুভূতিৰে সিক্ত মাটিৰ মানুহ। 


ৰুক্মবীৰ:-
ৰুক্মিণী হৰণ নাটৰ অন্য এক গুৰুত্বপূর্ণ পুৰুষ চৰিত্ৰ হ'ল ৰুক্মবীৰ। ৰুক্মবীৰ চৰিত্ৰটো শংকৰদেৱে ৰুক্মিণীৰ জেষ্ঠ ভাতৃ হিচাপে অংকন কৰিছে। ৰুক্মবীৰ এজন কৃষ্ণ বিদ্বেষী গৰ্ব্বিত যুৱক। ডেকা তেজ থকা লোক যিহেতু গুৰু গোঁসাই নামনা মইমতীয়া ডেকা। পাত্ৰৰ গুনাগুন, বৃদ্ধ পিতৃৰ ইচ্ছা, ভনীয়েকৰ মতামত প্ৰভৃতিলৈ তেওঁৰ মন-কাণ নাই। তথাপিও ৰুক্মবীৰ সত্যপ্ৰতিজ্ঞ।ককায়েক হিচাপে ৰুক্মিণীক তেখেতে শিশুপাললৈ বিয়া দিবলৈ নিৰ্বাচন কৰিছে। বৰ পুত্ৰৰ কথাত প্ৰতিবাদ নকৰি ৰজা ভীষ্মকে ৰুক্মৰ কথাত মত দিছে । অহংকাৰী ৰুক্মবীৰে অশেষ চেষ্টা কৰিও শিশুপাললৈ ৰুক্মিণীক বিয়া দিব নোৱাৰিলে। সেয়ে ক্ৰোধতে কৃষ্ণক আক্ৰমণৰ লক্ষ্য কৰি লয়। শ্ৰীকৃষ্ণই ৰুক্মবীক শিৰচ্ছেদ কৰিবলৈ লওঁতে ৰুক্মিণীৰ অনুৰোধত প্ৰাণ দান দিয়ে। কৃষ্ণৰ সমে যুদ্ধত পৰাস্ত হৈ ৰুক্মবীৰে প্ৰতিজ্ঞা মৰ্মে কুণ্ডিললৈ উভতি নগৈ ভোজকুট নামে ঠাইত নগৰ সাঁজি তাতেই বাস কৰে। 

বেদনিধি:-
ৰুক্মিণী হৰণ নাট খনিৰ আটাইত আকৰ্ষণীয় চৰিত্ৰটিয়ে হৈছে বেদনিধি। কম পৰিসৰৰ ভিতৰতে শংকৰদেৱে চৰিত্ৰটো সুন্দৰ ৰূপে সজীৱ কৰি তুলিছে ৷ ৰুক্মিণীৰ মহামিত্ৰ বেদনিধি এজন উদাৰ হৃদয়ৰ ব্ৰাহ্মণ। তেওঁ এজন পৰোপকাৰী ব্যক্তি, তেওঁ আনৰ সুখতে নিজৰ সুখ বিচাৰি পাই । তেওঁ আনৰ মংগল সাধন কৰিয়ে সন্তুষ্ট। তেওঁ নিজৰ তপস্যাৰ বলৰ ওপৰত ভৰসা কৰে। তেওঁ কয় - "তপৰ মহিমায়ে আকাশৰ চন্দ্ৰ আনি দিব পাৰি।" তেনেখেত্ৰত ৰুক্মিণীৰ অনুৰোধৰ মান ৰাখি বাৰ্তা লৈ বেদনিধিয়ে পৰম পুৰুষ শ্ৰীকৃষ্ণৰ ওচৰত গৈ উপস্থিত হয়গৈ। তেওঁ দৌত্যকাৰ্যত কুশল; ৰুক্মিণীৰ মনোভাৱ শ্ৰীকৃষ্ণৰ ওচৰত তেওঁ যথাযথভাৱে ব্যক্ত কৰিছে৷ কৃষ্ণৰ অনুৰোধ মৰ্মে তেওঁ পত্ৰখন পাঠও কৰিছে। কৃষ্ণৰ সমে ৰথত উঠি তেখেতে ভ্ৰম বকিছে ।তপস্যাৰ মহিমা থকাৰ স্বত্ত্বেও বেদনিধিয়ে শ্ৰীকৃষ্ণৰ ৰথৰ বেগ সহ্য কৰিব পৰা নাই। এইখিনিতে নাট্যকাৰে তেওঁক আলসুৱা শৰীৰৰ ব্ৰাহ্মণ ৰূপে চিত্ৰিত কৰিছে, আৰু তেওঁক লৈ হাস্যৰসৰ সৃষ্টি কৰিছে।

ভীষ্মক :-
কুণ্ডিল ৰাজ্যৰ অধিপতি আছিল ভীষ্মক। ভীষ্মক জ্ঞানী পুৰুষ যদিও বয়সৰ হেচাত পুত্ৰৰ ইচ্ছা-অনিচ্ছাৰ ওপৰত নিৰ্ভৰশীল এগৰাকী অসহায় পিতৃ। একমাত্র কন্যা সন্তান ৰুক্মিণীৰ বিবাহৰ সময় উপস্থিতি হোৱা দেখি জ্ঞাতি-কুটুম আত্মীয়- স্বজনৰ সন্মতি সাপেক্ষে মহাদৈ শশীপ্ৰভাৰ লগত আলোচনা কৰি কৃষ্ণৰ লগত ৰুক্মিণীৰ বিয়া দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যদিও জেষ্ঠ পুত্ৰ ৰুক্মবীৰক সন্তুষ্ট কৰিবলৈ নিজৰ সিদ্ধান্ত বাতিল কৰি ৰুক্মবীৰৰ নিৰ্দেশ মতে কাৰ্যপন্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। পুত্ৰৰ কথাত বাধ্য হোৱা আৰু নিজৰ বিবেক তথা ইচ্ছা শক্তিকো দমন কৰিবলৈ বিৱশ হোৱা ভীষ্মক চৰিত্ৰৰ জৰিয়তে অসহায় পিতৃৰ কৰুণ ছবি প্ৰকাশ পাইছে ।
 

ৰুক্মিণী:-
নাটখনত চৰিত্ৰ সমূহৰ ভিতৰত ৰুক্মিণীৰ চৰিত্ৰ চিত্ৰনেই সমুজ্জ্বল হৈছে। ৰুক্মিণী আছিল কুণ্ডিলৰ ৰাজকুমাৰী। 'কণক পুতলি' ৰুক্মিণীৰ ভুবন ভুলোৱা ৰূপ, নবীন বয়সৰ। হৰি দাস ভাটৰ মুখত কৃষ্ণৰ ৰূপ গুনৰ বৰ্ণনা শুনি মনেতে কৃষ্ণকেই স্বামী বৰন কৰে। যি দিন ধৰি ৰুক্মিণীয়ে কৃষ্ণৰ ৰূপ-গুণৰ কথা শুনে সেই দিন ধৰি শয়নে সপোনে কৃষ্ণৰ চিন্তাই মগ্ন হয়। পিতৃ-মাতৃৰ মুখত কৃষ্ণৰ হাতত সৰ্মৰপন কৰা কথা শুনি তেওঁৰ হৃদয় দুগুণ আনন্দেৰে নধৰা হয়। ককায়েক ৰুক্মবীৰে পিতৃ-মাতৃৰ এই সিদ্ধান্তত বিধি- পথালি দিয়াত ৰুক্মিণীৰ মূৰত বিনামেঘে বজ্ৰপাত পৰা যেন অনুভব হয়। সেয়ে পৰৱৰ্তী সময়ত দ্বাৰকানাথ সৈতে পলাই গৈ বিবাহ পাশত আৱদ্ধ হয়গৈ। এই ক্ষেত্ৰত ৰুক্মিণীৰ বুদ্ধিমত্তাৰ সুন্দৰ নিদৰ্শন পোৱা যায় । এইদৰে সুগভীৰ প্ৰেম, কাৰ্য্যকুশলতা, বিনয়, শিষ্টাচাৰ আৰু কৰুণা আদি গুণৰাশিৰে নাট্যকাৰে ৰুক্মিণীৰ চৰিত্ৰটো আকৰ্ষণীয় কৰি তুলিছে৷


শশীপ্ৰভা:-
মহাপুৰুষ শংকৰদেৱৰ মৌলিক নাৰী চৰিত্ৰ সমূহৰ ভিতৰত অন্যতম প্রধান নাৰী চৰিত্ৰ হৈছে শশীপ্ৰভা। ভাগৱত পুৰাণ, হৰিবংশ বা বিষ্ণুপুৰাণত শশীপ্ৰভাৰ নাম উল্লেখ নাই। কিন্তু ৰুক্মিণী হৰণৰ নাটকত ভীষ্মকৰ পত্নী আৰু ৰুক্মিণীৰ মাতৃ হিচাপে শশীপ্ৰভা নামটি পোৱা গৈছে। নাটকখনত শশীপ্ৰভাক আমি লগ পাঁও ৰুক্মিণীৰ বিবাহৰ প্ৰসংগত। নিজৰ ছোৱালী ডাঙৰ দীঘল হোৱাৰ লগে লগে বিবাহ দিবলৈ উঠি পৰি লাগে মাক - বাপেক উভয়ে। নাটকখনত ভীষ্মক আৰু শশীপ্ৰভা ,পাত্ৰ মন্ত্ৰী জ্ঞাতি-কুটুমৰ অনুমোদন সাপেক্ষে কন্যাক বিয়া দিবলৈ ওলাইছে শ্ৰীকৃষ্ণৰ লগত। এই ক্ষেত্রত মাক শশীপ্ৰভাক মন কৰিবলগীয়া। শশীপ্ৰভা মহাপুৰুষ শংকৰদেৱৰ মানস সৃষ্টি। নাটখনৰ কাহিনীৰ অগ্ৰগতি আৰু বিকাশত এই চৰিত্ৰটি অপৰিহাৰ্য বুলিব নোৱাৰি। 
  
লীলাৱতী আৰু মদন মঞ্জুৰী:-
মদন মঞ্জৰী আৰু লীলাৱতী আন দুটি ৰুক্মিণী হৰণ নাটৰ নাট্যকাৰৰ মৌলিক চৰিত্ৰ। ভাগৱত পুৰাণত এই দুটি চৰিত্ৰৰ উল্লেখ নাই। এই চৰিত্ৰৰ দুটি শংকৰদেৱৰ মানস সৃষ্ট। নাটকখনৰ নায়িকা ৰুক্মিণীৰ চৰিত্ৰক প্ৰকট কৰাৰ ক্ষেত্ৰত এই দুটি চৰিত্ৰৰ প্ৰয়োজনীয়তা অনস্বীকার্য। মদনমঞ্জৰী আৰু লীলাৱতী ৰুক্মিণীৰ সখীয়েক । ঊষাৰ বাবে সখী চিত্ৰলেখাই জীৱন আহুতি দিব পৰাৰ নিচিনাকৈ ৰুক্মিণীৰ বাবেও মদনমঞ্জৰী,লীলাৱতীয়ে প্ৰাণ আহুতি দিব পাৰে। সেয়ে ৰুক্মিণীৰ সুখে-দুখে সমভাগী হোৱা সখীয়েক দুগৰাকীয়ে ৰুক্মিণীৰ আগন্তুক বিপদৰ কথা ভাবি শোক- বিহ্বলা হৈ ৰুক্মবীৰৰ সিদ্ধান্ত ৰুক্মিণীক জনাইছে। 

২.০ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৰুক্মিণী হৰণ নাটখন শ্ৰেষ্ঠ আৰু জনপ্ৰিয় নাট । এই নাটখনত অসমীয়া সমাজ জীৱনৰ বিভিন্ন চিত্ৰৰ প্ৰতিফলন ঘটা দেখা যায়। শংকৰদেৱে নাটখন ৰচনা কৰোঁতে সমসাময়িক অসমীয়া সমাজৰ ধৰ্ম, উৎসৱ অনুষ্ঠান, ৰাজনীতি-অৰ্থনীতি, আচাৰ-ব্যৱহাৰ, লোকাচাৰ-সাজপাৰ,লোকবিশ্বাস-অন্ধবিশ্বাস ইত্যাদি সকলো দিশতে আলোকপাত কৰিছোঁ । এই দিশসমূহ তলত আলোচনা কৰা হৈছে -

২.১ ৰুক্মিণী হৰণ নাটকৰ চমু পৰিচয় 

মহাপুৰুষ জনাৰ নাটসমূহৰ ভিতৰত ৰুক্মিণী হৰণ নাটখন আকাৰত সবাতোকৈ ডাঙৰ। তেওঁ নিজেই ইয়াক 'নাট পৰিধান' বুলিছে। এই নাট ৰচনা মূলত ৰামাৰায়ৰ প্ৰেৰণা। ৰুক্মিণী হৰণ নাটখন ভাগৱত আৰু হৰিবংশৰ পৰা কাহিনী সংগ্ৰহ কৰি ৰচনা কৰা হৈছিল। প্ৰেম আৰু মিলন, বিবাদেই হৈছে নাটৰ মূল সমল । কুণ্ডিলৰ ৰজা ভীষ্মকে কন্যা ৰুক্মীণীক কৃষ্ণৰ হাততে সমৰ্পণ কৰা ইচ্ছা কৰিছিল। কিন্তু ৰুক্মবীৰে অৰ্থাৎ ভীষ্মকৰ জেষ্ঠ পুত্ৰই কৃষ্ণৰ পৰিৱৰ্তে ছেদীৰাজ শিশুপাললৈহে ৰুক্মীণীক বিয়া দিয়াৰ সিদ্ধান্ত লয় আৰু ৰুক্মবীৰৰ কথাতে ৰজা ভীষ্মক মান্তি হয়। আনফালে ৰুক্মিণীয়ে তেওঁৰ মন, প্ৰাণ, দেহ সকলো কৃষ্ণতেই সপি দিয়ে। কিন্তু ভাতৃ ৰুক্মবীৰৰ কথাও তেওঁ বিৰোধ কৰিব নোৱাৰিলে। সেই গতিকে যিকোনো উপায়ে পলুৱায় নিব লাগে আৰু সেয়া কিদৰে সম্ভৱ হ'ব তাৰ আটাইবোৰ দিহা পৰামৰ্শ দি এখন পত্ৰ লিখে আৰু বেদনিধি বিপ্ৰৰ জৰিয়তে কৃষ্ণলৈ এই পত্ৰ প্ৰদান কৰে। এই আটাইবিলাক ঘটনাকে নাটক খনত ফুটাই তোলা হৈছে।
 
ৰুক্মিণী কুণ্ডিল ৰাজ্যৰ ৰজা ভীষ্মকৰ জীয়াৰী আছিল।পৰম ঈশ্বৰ কৃষ্ণ আৰু ৰুক্মিণী মাজত গভীৰ প্ৰেম আছিল। কিন্ত, জেষ্ঠ ভাতৃ ৰুক্মবীৰ দুয়োৰে মাজত সম্পূৰ্ণ বিপক্ষে থিয় দিছিল।তেওঁ কৃষ্ণৰ পৰিৱৰ্তে ছেদীৰাজ শিশুপাললৈ ৰুক্মীণীক বিয়া দিয়াৰ ব্যৱস্থা কৰিছিল। সেয়ে শিশুপাল আৰু তেওঁৰ সহযোগীসকল কুণ্ডিল ৰাজ্যলৈ যায়। এই বিয়াৰ বাবে অন্য ৰাজ্যৰ পৰাও বিভিন্ন অতিথি আহি গোট খালেহি।
       
আনহাতে, ৰুক্মিণীয়ে বেদনিধি বিপ্ৰৰ জৰিয়তে কৃষ্ণলৈ বাৰ্তা প্ৰেৰণ কৰে। য'ত ৰুক্মিণীক পলুৱায় নিয়া আটাইবিলাক দিহা পৰামৰ্শ উল্লেখ থাকে। ৰুক্মিণীৰ চিঠি পোৱাৰ লগে লগেই কৃষ্ণই কুণ্ডিলৈ যাত্ৰা কৰে। ৰুক্মবীৰ আৰু ছেদীৰাজে কৃষ্ণৰ বাট ভেটিবলৈ যতপৰোনাস্তি প্ৰচেষ্টা চলায় কিন্তু দুয়ো বিফল হয়। অৱশেষত কৃষ্ণই ৰুক্মীণীক দ্বাৰকালৈ হৰণ কৰি লৈ যায়।

এই নাটকখন শ্ৰীকৃষ্ণৰ ভক্ত সকলৰ প্ৰতি থকা প্ৰেম স্পষ্টকৈ ফুটি উঠিছে। পৰম পুৰুষ জনাই তেওঁৰ শক্তিৰ পৰিচয় দাঙি ধৰি ৰুক্মীণীক হৰণ কৰি আনিছিল। ৰুক্মীণীৰ অনুৰোধ ক্ৰমে ৰুক্মবীৰক প্ৰাণ ভিক্ষা দিছে। অৱশেষত, দুয়োৰে দ্বাৰকাত বিবাহ সম্পন্ন হয় ।

২.২ ৰুক্মিণী হৰণ নাটত প্ৰতিফলিত লোকাচাৰ-লোকবিশ্বাস

ৰুক্মিণী হৰণ নাটত অতিথিক আদৰ-সাদৰ সেৱা সৎকাৰ কৰা লোকাচাৰৰ ছবিখন স্পষ্ট ৰূপত ফুটি উঠিছে। বিশেষকৈ শ্ৰীকৃষ্ণ ৰুক্মিণী বিয়াখনত লোকাচাৰৰ দীঘলীয়া প্ৰতিচ্ছবি দেখা গৈছে। দেৱতা, অসুৰ ,ৰজা-প্ৰজা আদি সকলোৱে দৰা কইনাক বিবিধ উপহাৰ দি হুভেচ্ছা জনোৱাৰ চিত্রখনেই ইয়াৰ উত্তম উদাহৰণ। 

আনহাতে গুণৱান পাত্রক ছোৱালী বিয়া দিব পৰাটো ভাগ্যৰ ফল বুলি ভবাৰ দৰে ৰুক্মিণীৰ বিবাহক কেৱল ভাগ্যবাদৰ ওপৰত প্ৰতিষ্ঠিত কৰা হৈছে।ৰুক্মিণীয়েও শ্ৰীকৃষ্ণৰ লগত বিয়া হ'বলৈ পোৱাটো ক'ত পূণ্য আৰু ভাগ্যৰ কথা বুলি বিশ্বাস কৰিছে । য'ত অসমীয়া সমাজৰ প্ৰচলিত লোকবিশ্বাস প্ৰকাশ হৈছে। কিয়নো ভাগ্যবাদ ,জন্মান্তৰবাদ,কৰ্মফল,জ্যোতিষবাদ আদিবোৰ অসমীয়া লোকবিশ্বাসৰ অন্তৰ্ভূক্ত।

০.৩ৰীতিনীতি 

ৰুক্মিণী হৰণ নাটখনিত অসমীয়া সমাজ জীৱনৰ কিছুমান পৰম্পৰাগত ৰীতি-নীতিৰো প্ৰতিফলন ঘটা দেখিবলৈ পোৱা যায়। বৰ্তমান সময়ত সমাজত ছোৱালী এজনি বিয়া দিয়াৰ কাৰণে দৰা বিচৰাৰ পৰা বিয়াৰ শেষলৈকে পালন কৰা বহু ৰীতি-নীতি নাটখনিত প্ৰতিফলন ঘটিছে । 

ৰুক্মিণীৰ বিবাহৰ বাবে উপযুক্ত বয়স হোৱাত মাক শশীপ্ৰভাই জীয়েকৰ বিবাহৰ কথা ৰজা ভীষ্মকৰ লগত আলোচনা কৰিছে, তেনেদৰ আকৌ পৰিয়ালৰ অন্য বৰণ্য ব্যক্তি সকলৰ সৈতে আলোচনা কৰিছে, কৃষ্ণলৈ ৰুক্মিণীক বিয়া দিয়াৰ বাবে সকলোৰে পৰা অনুমতি বিচাৰিছে। যিটো বৰ্তমানেও অসমীয়া সমাজত প্ৰচলন আছে। তেনেদৰে কৃষ্ণৰ বিয়ালৈ অতিথি নিমন্ত্রণ কৰা, হোম যজ্ঞৰ আয়োজন আদি।

০.৪ ৰুক্মিণী হৰণ নাটত প্ৰতিফলিত ধৰ্ম 

শংকৰদেৱে হৰিচন্দ্ৰ উপাখ্যানত ভক্তি ধৰ্মৰ যি বীজ ৰোপন কৰিছিল সেই বীজৰ অঙ্কুৰণ ঘটি বিকাশিত হৈছিল ৰুক্মিণী হৰণ নাটখনত ।সাধাৰণভাৱে চালে নাটৰ বিষয়বস্তু শ্ৰীকৃষ্ণ আৰু ৰুক্মিণী বিবাহ । কিন্তু শংকৰদেৱে ভক্তিধৰ্ম সাধাৰণত জনসাধাৰণৰ মনৰ মাজত সোমোৱাই দি ভক্তি ধৰ্মৰ তাৎপৰ্য, গুৰুত আৰু মহত্ব অনুধাৱন কৰোৱাৰ প্ৰচেষ্টাৰে শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ প্ৰেম, মিলন তথা বিবাহৰ মাধ্যমেধি নাটখন ৰচনা কৰিলে। বিবাহ হৈছে সামাজিক জীৱনৰ এক সংস্কাৰ আৰু মাংগলিক উৎসৱ, য'ত ভবিষ্যৎ জীবনৰ মণ্ডল কামনা কৰা হয়। অসমীয়া সমাজত প্ৰচলিত লোকবিশ্বাস যেনে- জন্ম, বিবাহ-মৃত্যু এই তিনিটা মানুহৰ হাতত নাই। কোনো অদৃশ্য শাক্তিয়ে নিমন্ত্ৰণ কৰে।তাতেই সৃষ্টি হ'ল ইশ্বৰ,ভগৱান ইত্যাদি। শংকৰদেৱে ইয়াকে বিশ্লেষণ কৰিবলৈ গৈ শ্ৰীকৃষ্ণ ৰুক্মিণীৰ বিবাহক আধাৰ হিচাপে লৈ কেনেদৰে ভগৱন্তৰ কৃপাত বিপদ বিঘিনি আঁতৰ হয় তাকেই প্ৰমাণ কৰি দেখাইছে। সমাজত বিবাহক লৈ দুটা পক্ষৰ মাজত কেনেদৰে কন্দল, দম্ভ-অহংকাৰ, বাধা বিঘিনি আদি সৃষ্টি হয় আৰু আৱশেষত ভগৱন্তৰ অপাৰ মহিমাত বাধা বিঘিনি আঁতৰ হৈ বিবাহ কাৰ্য সম্পন্ন হোৱা দৃশ্য অতি সুন্দৰকৈ এই নাটত বৰ্ণনা কৰিছে।

২.৫ উৎসৱ অনুষ্ঠান

ৰুক্মিণী হৰণ নাটৰ প্ৰধান উৎসৱটোয়ে হৈছে শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ বিয়াখন। নাটখনত বৰ্ণিত বিয়াখন যেন পুৰাণৰ শ্ৰীকৃষ্ণ ৰুক্মিণীৰ বিয়া নহয়, যেন ই আমাৰ কোনোবা সাধাৰণ মানুহৰহে বিয়া। নাটখনত যিবোৰ ৰীতি-নীতি বৰ্ণিত হৈছে, সেইয়া অসমীয়া বিয়াৰ অলপো পৃথক নহয়। বিয়াৰ আগতে ল"ৰা ছোৱালীয়ে পৰস্পৰে পৰস্পৰৰ ৰূপত মুগ্ধ হোৱা আৰু দুয়োয়ে যুগ্ম জীৱনৰ সপোন দেখা, জাত-পাত, বংশ গৌৰৱ, ধনৰ অহংকাৰৰ বাবে হবলগীয়া বিয়া ভাগি যোৱা শেষত পলুৱাই নিয়া সকলো দিশেই এই নাটখনত প্ৰতিফলিত হৈছে।

ৰুক্মিণীক লৈ শ্ৰীকৃষ্ণই দ্বাৰকাত প্ৰৱেশ কৰোঁতে উদুলি মুদুলি, উখল মাখল পৰিৱেশ সৃষ্টি হৈছে। লগতে পুত্ৰ বোৱাৰী আগমনত মাতৃ দৈৱকীৰ অপাৰ আনন্দ,দৈৱকীয়ে সধৱা বোৱাৰী জীয়াৰী সকলক লৈ মংগল উৰুলি আৰু ধূপ দীপৰে দৰা কইনা আদৰা,দৰা কইনাই পিতৃ-মাতৃৰ পৰা আশীৰ্বাদ লোৱা ইত্যাদত অসমীয়া বিয়া এখনৰ সকলো ৰীতি-নীতি প্ৰকাশ পাইছে।

মুঠতে শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ বিয়াখনত অসমীয়া বিয়া এখনৰ স্বৰূপ আৰু বৈশিষ্ট্য সুন্দৰকৈ প্ৰতিফলিত হৈছে।

২.৬ ৰাজনীতি 

ৰুক্মিণী হৰণ নাট খনতো ৰাজনীতিৰ ছবি এখন সুন্দৰকৈ প্ৰতিফলিত হোৱা দেখা গৈছে। নাট্যকাৰে ৰজা ভীষ্মকক এজন ধাৰ্মিক, প্ৰজাবৎসল ,ক্ষমাশীল ৰজা ৰূপে অঙ্কন কৰিছে। লগতে শিশুপাল আদি ৰজাৰ চৰিত জৰিয়তে ৰাজনীতিত প্ৰতিফলিত হোৱা কূটনীতিৰ ছবিও অঙ্কন কৰিছে।

০.৭ শিষ্টাচাৰ
 
নাটখনত শিষ্টাচাৰৰ দৰে সমাজিক মূল্যবোধ চিত্ৰিও অতি সুন্দৰকৈ প্ৰকাশ পাইছে। অসমীয়া সমাজৰ মাজত প্ৰচলিত শিষ্টাচাৰ যেনে ঘৰলৈ আলহী আহিলে আদৰ-সাদৰ কৰা, গুৰুক প্ৰণাম কৰা, মংগল কামনা কৰি আশীৰ্বাদ দিয়া, আপোনজনক আলিঙ্গন কৰা আদি দৃশ্যও প্ৰকাশ পাইছে । যেনে ৰুক্মিণীৰ বিয়াৰ বতৰালৈ বেদনিধি ব্ৰাহ্মণ দ্বাৰকাত উপস্থিত হোৱা। তেতিয়া শ্ৰীকৃষ্ণই বেদনিধিক দেখা মাত্ৰকে অগবাঢ়ি গৈ আকোৱালি আদৰি নিছে। সূৱণৰ আসনত বহুৱাই ব্ৰাক্ষ্মণৰ ভৰি ধুৱাই আৰু পঞ্চামৃতেৰে ভোজন কৰাই পৰম সন্তোষ লভিছে । কৃষ্ণ-ৰুক্মীণী বিয়াৰ পাছত শশুৰেক-শাশুৱেকক কৃষ্ণই সেৱা সৎকাৰ কৰা দৃশ্য, দৈৱকীয়ে বিয়নী শশীপ্ৰভাক আদৰ -সাদৰ কৰা অতিথিক সেৱা সৎকাৰ কৰা দৃশ্য ইত্যাদি ।এনেধৰণৰ বহুতো সমাজিক শিষ্টাচাৰ ছবি প্ৰতিফলিত হোৱা দেখা যায় ।

২.৮ সাজপাৰ আৰু অলংকাৰ
 
ৰুক্মিণী হৰণ নাটত মধ্যযুগীয়া অসমীয়া সাজ-সজ্জা আৰু আ অলংকাৰৰ কিছু বিৱৰণ পোৱা যায়। অসমীয়া উৎসৱ অনুষ্ঠানত জীয়াৰী-বোৱাৰীয়ে বিবিধ মুগাৰ বস্ত্ৰ তথা অলংকাৰ পৰিধান কৰা দৰে ৰুক্মিণী স্বয়ম্বৰ আৰু বিবাহ অনুষ্ঠানত পুৰুষ মহিলা সকলোৱে পাতৰ-বস্ত্ৰ পৰিধান কৰাৰ ছবিখনো প্ৰতিফলিত হৈছে । 

আনহাতে অসমীয়া বিয়া এখনত কইনাক নোৱাই-ধুৱাই যিদৰে নতুন বস্ত্ৰ পিন্ধোৱা হয় ঠিক সেইদৰে ৰুক্মিণীকো নোৱাই-ধুৱাই দিব্য বস্ত্ৰ পিন্ধাইছে । যিবোৰ উৎসৱ-পাৰ্বনত অসমীয়া নাৰীয়ে অলংকাৰ পিন্ধাৰ দৰে ৰুক্মিণীয়েও আ-অলংকাৰ পিন্ধি বিয়ালৈ সাজু হৈছে।

০.৯ অন্যান্য 

এইদৰে আলোচনা কৰিলে দেখা যায় যে উপৰোক্ত সামাজিক দিশসমূহৰ উপৰিও আৰু কেইবাটাও সামাজিক দিশ নাটখনত প্ৰতিফলিত হৈছে। গালি-শপনি আৰু নিন্দা, অপযশ ইত্যাদি ধৰণৰ অসমীয়া কথনভংগীৰো প্ৰকাশ ঘটিছে।অসমীয়া মানুহ স্বভাৱ-চৰিত্ৰ আৰু আচাৰ-ব্যৱহাৰৰ চিত্র এখনিও প্ৰতিফলিত হৈছে। গৃহস্থ,পিতৃ, স্বামীয়েই হৈছে অসমীয়া সমাজৰ সকলো ক্ষেত্ৰতে প্ৰশংসনীয় ব্যক্তি । ৰজা ভীষ্মক ঘৰৰ মুৰব্বী হৈও কোনো কাম একনায়কত্ববাদী মনোভাৱেৰে কৰা নাই। সকলো কথা তেওঁ পৰিয়ালবৰ্গ তথা আত্মীয় স্বজনৰ লগত আলোচনা কৰিছে। বৰপুত্ৰৰ মইমতালিকো তেওঁ নিৰৱে সহ্য কৰি গৈছে আৰু বৰপুত্ৰৰ ইচ্ছানুসৰি কাম কৰিছে। ইয়াত ৰূক্মই অসমীয়া সমাজৰ বৰপুত্ৰৰ স্বভাৱ পৰিলক্ষিত কৰিছে।কটকী ব্ৰাক্ষ্মণ চৰিত্ৰটো কবিয়ে অসমীয়া পুৰোহিত দেউৰ ৰূপত আকৰ্ষণীয়কৈ ফুটাই তুলিছে।

৩.০ উপসংহাৰ

৩.১ সিদ্ধান্ত
 
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰুক্মিণী হৰণ নাটত প্ৰতিফলিত অসমীয়া সমাজ-জীৱন : এক বিশ্লেষণাত্মক অধ্যয়ন কৰি নিন্মলিখিত সিদ্ধান্তত উপনীত হ'ব পাৰি।
সংস্কৃত নাট্যৰীতি ,লোকনৃত্য ৰীতিৰ আধাৰত শংকৰদেৱে নিজস্ব সৃজনী প্ৰতিভাৰে অসমীয়া নাট ৰচনা কৰিছিল।মহাপুৰুষ জনাই ভাগৱত পুৰাণৰ পৰা কথাবস্তু সংগ্ৰহ কৰি ৰুক্মিণী হৰণ নাটখন ৰচনা কৰিছে যদিও কলা কৌশলৰ ক্ষেত্ৰত শংকৰদেৱৰ মৌলিকতাই দেখা দিছে।
  • মহাপুৰুষ জনাই বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য ৰুক্মিণী হৰণ নাটখনত শ্ৰীকৃষ্ণক সৰ্বশক্তিমান ৰূপত অঙ্কন কৰিছে। লগতে অসমীয়া জনজীৱনৰ লগত সঙ্গতি ৰাখি চৰিত্ৰ আৰু পৰিৱেশ সৃষ্টি কৰিছে। ভাগৱতৰ কাহিনীক বিবৃত নকৰাকৈ সৃজনশীলতা পৰিচয় দি ৰুক্মিণী হৰণ নাট শংকৰদেৱে ৰচনা কৰিছে।

  • নাম ধৰ্মৰ জৰিয়তে সমাজৰ মাজত আধ্যাত্মিক উৎকৰ্ষ সাধন কৰি এখন সুস্থ সবল সংহতিপুৰ্ণ সমাজ গঠন কৰাই শংকৰদেৱৰ উদ্দেশ্য আছিল যদিও তেওঁৰ নাট কেইখনত কেৱল ধৰ্ম বাণীকে প্ৰচাৰ কৰা নাই, সাহিত্যৰ সোৱাদো বিলাইছে।

  • মহাপুৰুষ জনাই ৰুক্মিণী হৰণ নাটত অসমীয়া সমাজৰ আটাই বিলাক দিশেই প্ৰতিফলিত কৰিছে। নাটখনত চৰিত্ৰ বিলাকৰ মাধুৰ্য , সামাজিক ধৰ্ম, উৎসৱ-পাৰ্বন, ৰীতি -নীতি ৰাজনীতি, অৰ্থনীতি, সমাজ-সংস্কাৰ মানুহৰ স্বভাৱ চৰিত্ৰ, ইত্যাদিৰ লগতে কথনভংগী দিশতো সম্পূৰ্ণ অসমীয়া সমাজৰ স্বৰূপ প্ৰকাশ কৰিছে।

  • ভগৱান কৃষ্ণ আৰু ৰুক্মিণীৰ মিলনক ভক্তিৰ দৃষ্টিৰে ৰূপায়ণ কৰিছে যদিও প্ৰকাশ মাধ্যম লৌকিক। ডেকা-গাভৰুৰ প্ৰেমৰ মিলনক সমাজ,পিতৃ-মাতৃ তথা আত্মীয স্ৰজন যিদৰে বাধা প্ৰদান কৰে, জাত্যাভিমানৰ বশৱৰ্তী হৈ আপোনজনেও যিদৰে মিলন পথত কন্টক স্বৰূপ হৈ থিয় দিয়ে, নাটখনত তেনেদৰে কৃষ্ণ-ৰুক্মিণীৰ মিলনত নিজ ভাতৃ ৰুক্মবীৰে বাধা প্ৰদান কৰিছে;গতিকে লৌকিক তথা বিবাহ অনুষ্ঠানৰ দৰে জনপ্ৰিয় বিষয়বস্তুক আধাৰ হিচাপে লৈ নাটৰ চৰিত্ৰ-চিত্রণ পৰিৱেশ সৃষ্টি, সংলাপ অদি ৰচনা কৰিছে। নাটখন কেৱল ভক্তি আদৰ্শ প্ৰকাশৰ অনুসংগ নহৈ মানৱীয় আশা-আকাংক্ষাৰ প্ৰতিভূ ৰূপেও থিয় হৈছে।


গ্ৰন্থপঞ্জী

চুটীয়া, অসীম ; অসমীয়া নিৰ্বাচিত নাট্য সংকলন, বনলতা,নতুন বজাৰ,ডিব্ৰুগড় -১ দ্বিতীয় প্ৰকাশ:আগষ্ট ২০২২
 
দেৱগোস্বামী,কেশৱ ; অঙ্কীয়া ভাওনা, বনলতা ,পাণবজাৰ, গুৱাহাটী-১,চতুৰ্থ বনলতা সংস্কৰণ,২০১১

নেওগ, মহেশ্বৰ ; অসমীয়া সাহিত্যৰ ৰূপৰেখা, চন্দ্ৰ প্ৰকাশন,গুৱাহাটী, ২০০০

বুজৰবৰুৱা,পল্লৱী,জ্যোতিৰেখা হাজৰিকা(সম্পা);প্ৰসংগ:অসমীয়া সাহিত্য আৰু সংস্কৃতি, বনলতা, নতুন বজাৰ,ডিব্ৰুগড়-১,দ্বিতীয় সংস্কৰণ:২০১২


শৰ্মা, ৰজনীকান্ত; ৰুক্মিণী নাট্য সাহিত্য, নিও বুক স্টল, গুৱাহাটী-১,দ্বিতীয় প্ৰকাশ-১৯৭১,ছেপ্টেম্বৰ 


শৰ্মা,সত্যেন্দ্ৰনাথ ; অসমীয়া নাট্য সাহিত্য, সৌমাৰ প্ৰকাশ, ৰিহাবাৰী, গুৱাহাটী-৮, ৮ম সংস্কৰণ ,২০০০

শৰ্মা,সত্যেন্দ্ৰনাথ; অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত,সৌমাৰ প্ৰকাশ, ৰিহাবাৰী, গুৱাহাটী-৮





























Comments

Popular posts from this blog

পদ্মনাথ গোহাঞিবৰুৱাৰ গাঁওবুঢ়া: এক বিশ্লেষণাত্মক অধ্যয়ন

খুড়ী আইতা গল্প : এক আলোচনা