নাহৰকটীয়া অঞ্চলৰ নামফাকে গাঁৱৰ ইতিহাস আৰু পৰ্যটন

 

                        নাহৰকটীয়া অঞ্চলৰ নামফাকে গাঁৱৰ ইতিহাস আৰু পৰ্যটন





ভাৰতবৰ্ষ উত্তৰ-পূৰ্বাঞ্চল বিভিন্ন জাতি-জনগোষ্ঠীৰ এক সমন্বয়ৰ বৰ চোতাল। ইতিহাসে ঢুকি নোপোৱা কালৰেপৰা বিভিন্ন কাৰণত উত্তৰ-পূৰ্বাঞ্চললৈ বিভিন্ন জনগোষ্ঠীৰ প্ৰব্ৰজন ঘটিছিল আৰু এই লোকসকলে বিভিন্ন বাসস্থলীত থিতাপি লৈ প্ৰকৃতি আৰু পৰিৱেশৰ লগত নিজকে খাপ-খুৱাই এক সমন্বয়ৰ ইতিহাস ৰচনা কৰি ভিন্নতাৰ মাজত অভিন্ন সত্তাৰ পৰিচয় দিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত অসমত বসবাস কৰা নৃগোষ্ঠীয় সমাজৰ ভিতৰত টাইফাকে বা ফাকিয়ালসকল অন্যতম। টাইফাকেসকল বৰ্তমান অসমত বসবাস কৰা এটি ক্ষুদ্ৰতম নৃগোষ্ঠী। তেওঁলোক চীন তীব্ৰতীয় ভাষা পৰিয়ালৰ শ্যাম-চীনীয় বা থাইচীনীয় শাখাৰ অন্তৰ্গত। টাইফাকেসকল তেৰশ শতিকাৰ আগভাগত ‘মৌং মাও’ৰপৰা উত্তৰ দিশলৈ আগবাঢ়ি আহি হৌকং উপত্যকাত বসবাস কৰিবলৈ লোৱাৰপৰাই নিজকে টাইফাকে নামেৰে চিনাকি দিবলৈ আৰম্ভ কৰিছিল। এই হৌকং উপত্যকাৰ পৰাই অসমলৈ নামি অহা বুলি কিছু কিছু ঠাইত উল্লেখ পোৱা যায়। বৰ্তমান অসমৰ তিনিচুকীয়া ডিব্ৰুগড় জিলাৰ বিভিন্ন অঞ্চলত তেওঁলোকৰ জনবসতি দেখা যায়। সংস্কৃতি আৰু সভ্যতাৰ সৌন্দৰ্য ৰাশিৰে ভৰপূৰ নাহৰকটীয়া অঞ্চলৰ নামফাকে গাঁও। টাইফাকেসকলৰ এখন প্ৰধান গাঁওৰূপে পৰিচিত। এই গাঁওখন নাহৰকটীয়া ৰাজহ চক্ৰৰ অন্তৰ্ভুক্ত। ১৮৫০ চনত প্ৰতিষ্ঠিত এই গাঁওখনত বৰ্তমান প্ৰায় ১৫০ টা পৰিয়ালে বসতি কৰি আছে। তেতিয়াৰেপৰা এই গাঁওখনে নিজা সাংস্কৃতিক বৈশিষ্ট্যখিনি অটুট ৰাখিবৰ বাবে ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক দিশত বৃহৎ শক্তিসমূহৰ সচেতন তথা অৱচেতন হেঁচাৰ বিৰুদ্ধে তেওঁলোকে বিগত সময়ছোৱাত আহৰহ সংগ্ৰাম কৰিবলগীয়া হৈছে। যি কি নহওক বৰ্তমান প্ৰেক্ষাপটত অৰ্থাৎ বিশ্বায়নৰ প্ৰেক্ষাপটত তেওঁলোকে নিজৰ সংস্কৃতি, সভ্যতা, ভাষা, ধৰ্মীয় ৰীতি-নীতি, লোকাচাৰ-লোকবিশ্বাস আদিক ধৰি ৰাখি ইবিলাকক সাংস্কৃতিক পৰ্যটনলৈ ৰূপান্তৰিত কৰিছে। সমান্তৰালকৈ য'ত সম্ভৱত পৰ্যটন ক্ষেত্ৰ হিচাপে গাঁওখনক আগবঢ়াই লৈ যোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

ভৌগলিক অৱস্থান

সুন্দৰ প্ৰাকৃতিক পৰিৱেশ তথা বুঢ়ীদিহিং নদীৰ পাৰত অৱস্থিত নামফাকে গাঁওখন ডিব্ৰুগড় জিলাৰ সদৰৰপৰা প্ৰায় ৬৫ কিলোমিটাৰ আৰু নাহৰকটীয়া নগৰৰ পূব দিশে ৪ কিলোমিটাৰ নিলগত অৱস্থিত। গাঁওখনৰ পূবে চিৰসেউজীয়া পাটকাই পৰ্বত মালা। পাটকাইৰ পাদ দেশৰ মুঙ-দুং-ছুঙ খামৰ ভূমিত অৱস্থিত ইতিহাসে চুই যোৱা শক্তিশালী আহোম সাম্ৰাজ্যৰ প্ৰথম অস্থায়ী ৰাজধানী টিপাম। বৰ্তমানৰ টিপাম ফাকে গাঁও। পশ্চিমে দিহিং কিনাৰ বঙালী গাঁও। উত্তৰে চিৰপ্ৰবহমান, প্ৰাণচঞ্চলা বুঢ়ীদিহিং নৈ আৰু আহোমক প্ৰতিনিধিত্ব কৰা নিজা ৰীতি-নীতিৰে বসবাস কৰা কুঁৱৰী গাঁও সমান্তৰালকৈ দিহিং কিনাৰ নগা গাঁও, আৰু দক্ষিণে মণিপুৰ পাম গাঁও। উল্লেখযোগ্য যে মণিপুৰ পাম গাঁৱত বৰ্তমান ১০ ঘৰ মান হে মণিপুৰী লোক আছে যদিও তেওঁলোকে নিজৰ ভাষাক আজিও জীয়াই ৰাখিছে। অৰ্থাৎ এতিয়াও তেওঁলোকে মনৰ ভাৱ আদান-প্ৰদান কৰিবলৈ নিজৰ মাজত মণিপুৰী ভাষাটো ব্যৱহাৰ কৰে।

নামফাকে গাঁৱৰ সংক্ষিপ্ত ইতিহাস :

‘ইংথং’ তথা ‘মান নৌ লৌং’ ত প্ৰায় দুটা দশক বসবাস কৰাৰ পাছত একাংশ ফাকে লোকে ১৮৫০ চনত বুঢ়ীদিহিং নদীয়েদি ভটিয়াই আহে। ভটিয়াই আহোঁতে প্ৰথমতে দুলীয়াজানৰ টিপলিঙৰ সমীপৰ বাঁহধাৰীত উঠে। কিন্তু ঠাইখিনি খেতি-বাতিৰ বাবে উপযোগী নোহোৱাত উজাই নাহৰকটীয়াৰ সমীপৰ জাগুন অঞ্চলত বসবাসৰ বাবে ঠাইৰ সন্ধান কৰে। সেইখিনি ঠায়ো উপযুক্ত বিবেচনা নকৰি আৰু উজাই আহি বাঘমৰা নামৰ ঠাইত বৰ্তমানে নাহৰকটীয়া মহাবিদ্যালয় স্থাপন কৰা অঞ্চলত খেতিৰ বাবে উপযুক্ত হ'ব বুলি বিবেচনা কৰি বসবাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেই সময়ত বাঘমৰা ঠাইখনৰ কাষেদি বুঢ়ীদিহিং নদীখন বৈ গৈছিল। কালক্ৰমত বুঢ়ীদিহিং নদীখন কিছু উত্তৰ দিশলৈ গতি কৰাত টাইফাকেসকলেও অনুৰূপে নদীৰ পাৰলৈ স্থানান্তৰিত হয় আৰু ১৯৫০ চনত বৰ্তমানৰ বসতি স্থাপন কৰি থকা নামফাকে গাঁওখন প্ৰতিষ্ঠা কৰে। একে সময়তে কিছু সংখ্যকে আৰু উজাই গৈ টিপামত গাঁও পাতি বসতি স্থাপন কৰে। সেয়া বৰ্তমানে টিপামফাকে গাঁও হিচাপে পৰিচিত। প্ৰতিষ্ঠাৰ সময়ত নামফাকে গাঁওখন নাম ৰখা হৈছিল ‘মান লজা’ (ৰজা) মিঙঙা। টাইফাকেসকলৰ ভাষাত তাৰ অৰ্থ হ'ল ৰজাই বসবাস কৰা গাঁও। সেই গাঁওখনেই পিছলৈ নামফাকে গাঁও হিচাপে পৰিচিত হয়। টাইফাকে ভাষাত গাঁওখনৰ অন্য এটি জনপ্ৰিয় নাম হ'ল ‘মান তাউ’। তাৰ অৰ্থ নামনিৰ থকা গাঁও। অৰ্থাৎ এই গাঁওখনেই টাইফাকেসকলৰ গাঁওসমূহৰ ভিতৰত আটাইতকৈ নামনিৰ থকা গাঁও। সমান্তৰালকৈ এটা সময়ত নামফাকে গাঁওখন অৰুণাচলৰ টিৰাপ জিলাৰ পাহাৰৰ পৰা নামি অহা নষ্টে বা ৰাংছুসকলৰ বাবে নিশা যাপনৰ প্ৰধান ঠাই আছিল। সাধাৰণতে পাহাৰৰ সেইসকল লোকে পাহাৰত উৎপাদিত সামগ্ৰীবোৰ ভৈয়ামত বেচিবৰ বাবে আনোতে তেওঁলোকৰ বাবে প্ৰধান বজাৰ হৈ পৰিছিল টাইফাকেসকলৰ গাঁও আৰু মানুহ। পাহাৰৰপৰা তেওঁলোকে অনা সামগ্ৰীবোৰৰ ভিতৰত আছিল বিভিন্ন মাহ জাতীয় শস্য, ডালচেনি, পাহাৰীয়া তিল, খাদ্য হিচাপে ব্যৱহাৰ কৰা বিভিন্ন বন শাক, ঝাৰু আদি। পাহাৰৰ লোকৰ খাদ্য সম্ভাৰ আৰু খাদ্যাভ্যাস প্ৰায় একে হোৱাৰ বাবে তেওঁলোকে অনা সামগ্ৰীবোৰ টাইফাকে সমাজত প্ৰচুৰ পৰিমাণে বিক্ৰী হৈছিল। আৰু এতিয়াও এনে সামগ্ৰীৰ চাহিদা আছে। ফলশ্ৰুতিস্বৰূপে নামফাকে গাঁৱলৈ এই লোকসকলৰ আগমন ঘটাৰ লগতে সময়ৰ লগত সংগতি ৰাখি এই গাঁও তেওঁলোকৰ নিজা বাসস্থান হৈ পৰিল।

সাংস্কৃতিক বিশেষত্ব

নামফাকে গাঁৱৰ সাংস্কৃতিক দিশসমূহৰ ভিতৰত টাইফাকে লোকসকলৰ সংস্কৃতি, বৌদ্ধ ধৰ্ম, পৰম্পৰাগত জীৱনশৈলী আদিয়েই অন্যতম। এই অঞ্চলৰ মানুহে টাই-বৌদ্ধ সংস্কৃতি আৰু অসমীয়া সংস্কৃতিৰ মিশ্ৰিত ঐতিহ্য কঢ়িয়াই লৈ ফুৰে। সমান্তৰালকৈ এই লোকসকল দ্বিভাষিক। এখেতলোকে আজিও নিজৰ সভ্যতা, ভাষা, সংস্কৃতি, পৰম্পৰা ৰক্ষা কৰি ৰাখিছে। তেওঁলোকে বৌদ্ধ ধৰ্মাৱলম্বী হোৱাৰ হেতুকে গাঁওখনত ধৰ্মীয় জ্যোতি তথা শান্তিৰে বিৰাজ কৰিবৰ কাৰণে গাঁওখনৰ জন্মলগ্ন বছৰতে এটি বৌদ্ধ মঠও নিৰ্মাণ কৰিছিল। সমান্তৰালকৈ এই মঠে পৰ্যটনৰ ক্ষেত্ৰ হিচাপে গাঁওখনক স্বাৱলম্বী হোৱাত উল্লেখযোগ্য ভূমিকা আগবঢ়াইছে। নাম ফাকে গাঁওখনত বসবাস কৰা টাই ফাকে লোকসকলে বৌদ্ধ ধৰ্মাৱলম্বী ৰীতি-নীতি অনুসৰণ কৰা হেতুকে কিছু কিছু ক্ষেত্ৰত টাইফাকেসকলৰ জনগোষ্ঠীয় জীৱনধাৰণ প্ৰণালীৰ পৰা পৃথক হোৱা দেখা যায়। কিয়নো জনগোষ্ঠীয় জীৱনত বিভিন্ন ক্ষেত্ৰত ব্যৱহৃত সমাজৰ প্ৰধান পানীয় তেওঁ লোকে গ্ৰহণ নকৰে।

সাংস্কৃতিক পৰ্যটনৰ নামফাকে আৰু ভৱিষ্যত :

সম্প্ৰীতিৰ মিলন ক্ষেত্ৰ নাহৰকটীয়াৰ বুকুত অৱস্থিত নামফাকে গাঁও পৰ্যটনৰ বাবে অতি গুৰুত্বপূৰ্ণ। ইতিহাস বিজড়িত হোৱাৰ লগতে প্ৰাকৃতিক সৌন্দৰ্য, বুৰঞ্জী প্ৰসিদ্ধ কীৰ্তিচিহ্ন, সাংস্কৃতিক বৈচিত্ৰই গাঁওখনক পৰ্যটন স্থলী হিচাপে গঢ়ি উঠাৰ যথেষ্ট অৱকাশ আছে। বৰ্তমান নামফাকে গাঁওখন পৰ্যটন স্থলী হিচাপে গঢ় লৈ উঠিছে। আধুনিকতাবাদী প্ৰেক্ষাপটত জনগোষ্ঠীয় লোকসকলে প্ৰায় নতুনত্বক আদৰি লৈছে কিন্তু নাহৰকটীয়া অঞ্চলৰ ফাকেসকল কিছু ব্যতিক্ৰম। কিয়নো বৰ্তমান টাইফাকেসকলৰ জনসংখ্যা খুবেই কম। তেওঁলোকৰ পৰম্পৰাগত নীতি-নিয়মসমূহ বিলুপ্ত অৱস্থাত আছে। এনে সময়ত নাম ফাকে গাঁৱৰ টাইফাকেসকলে তেওঁলোকৰ পৰম্পৰাগত সকলো দিশ ধৰি ৰাখিছে। তেওঁলোকৰ খাদ্য প্ৰণালী, বাসস্থান, উৎসৱ, বিবাহ পদ্ধতি, ভাষা, সাহিত্য, কৃষি প্ৰণালী, হস্তশিল্প, প্ৰাকৃতিকভাৱে সূতা তৈয়াৰ কৰা সূতাৰ বাবে ৰং তৈয়াৰ কৰা পদ্ধতি আদি বিভিন্ন দিশেৰে তেওঁলোক সাংস্কৃতিকভাৱে সমৃদ্ধ। নিজৰ পৰম্পৰাক ধৰি ৰাখি গাঁওখনক সাংস্কৃতিক পৰ্যটন স্থলীৰূপে পৰিগণিত কৰাত সকলোৰে ভূমিকা আকৰ্ষণীয়। ইয়াৰোপৰি নামফাকে গাঁৱত বসবাস কৰা টাইফাকেসকল বৌদ্ধ ধৰ্মাৱলম্বী লোক। গাঁওখনৰ বুঢ়ীদিহিং নদীৰ পাৰতে অৱস্থিত বৌদ্ধ বিহাৰটোৱে পৰ্যটন স্থলী হিচাপে গঢ়ি উঠাত যথেষ্ট সহায়ক হৈছে। ইয়াৰ উপৰিও বিহাৰত সংৰক্ষিত টাই ভাষাত ৰচিত তিনিশৰ অধিক পুথি-পাঁজি, টাই ভাষাৰ ৰামায়ণ, টাই ভাষাৰ সোণৰ ফলি, বুৰঞ্জীমূলক, জাতক মালাৰ পুথি, ধৰ্মীয় আখ্যানমূলক, সামাজিক, ৰীতি-নীতি সম্পৰ্কীয়, লোককথা সাধু সম্পৰ্কীয় ইত্যাদি বিষয়ৰ পুথিয়ে টাইফাকেসকলৰ লগতে ভাষা বিষয়ক গৱেষকসকলৰ বাবেও আকৰ্ষণৰ কেন্দ্ৰ হৈছে। ফলশ্ৰুতিস্বৰূপে দেশ বিদেশৰ পৰ্যটক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। নামফাকে গাঁওখন প্ৰতিষ্ঠা কৰা হৈছিল ১৮৫০ চনত। সেই বৰ্ষতেই বৌদ্ধ বিহাৰটো স্থাপন কৰা হৈছিল যদিও বৰ্তমান বিহাৰটো পুনৰ নিৰ্মাণ কৰা হৈছে। বৰ্তমান এই বৌদ্ধ বিহাৰটোৱে গাঁওখনৰ সামাজিক-সাংস্কৃতিক তথা বিভিন্ন ক্ষেত্ৰত বিহাৰটোকে কেন্দ্ৰ কৰি আগবাঢ়িছে। বৌদ্ধ বিহাৰটো পৰ্যটকৰ বাবে অতি আকৰ্ষণীয়। এইদৰেই টাইফাকেসকলৰ উৎসৱ-পাৰ্বন, খাদ্য সম্ভাৰ, তেওঁলোকে পৰিধান সাজপাৰ আৰু গৃহ নিৰ্মাণ প্ৰণালীয়ে বৰ্তমান পৰ্যটকক আকৰ্ষিত কৰিছে। সমান্তৰালকৈ অনাগত দিনবোৰত গাঁওখনকে ধৰি নাহৰকটীয়া অঞ্চলটোলৈ নতুন আশাৰ বাট মুকলি কৰিছে।

Comments

Popular posts from this blog

পদ্মনাথ গোহাঞিবৰুৱাৰ গাঁওবুঢ়া: এক বিশ্লেষণাত্মক অধ্যয়ন

ৰুক্মিণী হৰণ নাটত প্ৰতিফলিত অসমীয়া সমাজ জীৱন : এক বিশ্লেষণাত্মক অধ্যয়ন

খুড়ী আইতা গল্প : এক আলোচনা